আলফাত যোগদানৰ ইচ্ছা! গ্ৰেপ্তাৰ মহিলাসহ যুৱক…

আলফাত যোগদানৰ ইচ্ছা! গ্ৰেপ্তাৰ মহিলাসহ যুৱক…

author-image
asomiyapratidin
New Update
আলফাত যোগদানৰ ইচ্ছা! গ্ৰেপ্তাৰ মহিলাসহ যুৱক…

ডিজিটেল সংবাদ, নগাঁও : নিষিদ্ধ ঘোষিত আলফা(স্বাধীন)ত যোগদান কৰিবলৈ মন মেলা এগৰাকী মহিলাসহ এজন যুবকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহিলাগৰাকীৰ নাম শিপ্ৰা দত্ত দাস ৷ মহিলাগৰাকীৰ ঘৰ নগাঁও চহৰৰ কচলুখোৱাত ৷ নগাঁও আৰক্ষীয়ে গুৱাহাটীৰ পৰা শিপ্ৰা দত্তক মঙ্গলবাৰে নিশা গ্ৰেপ্তাৰ কৰি নগাঁও সদৰ থানালৈ আনে ৷ শিপ্ৰা দত্তই সামাজিক মাধ্যমত আলফাত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰি পোষ্ট দিছিল ৷

Advertisment

ইফালে নগাঁৱৰ ননৈৰ পৰা আৰক্ষীয়ে আন এজন যুবকক গ্ৰেপ্তাৰ কৰিছে ৷ ননৈৰ নব বৰা নামৰ যুবকজনে আলফাত যোগদানৰ ইচ্ছা প্ৰকাশ কৰিছিল ৷ আলফাত যোগদানৰ ইচ্ছা প্ৰকাশ কৰি নব বৰা নামৰ যুবকজনে সামাজিক মাধ্যমত মন্তব্য প্ৰকাশ কৰিছিল ৷

আৰু পঢ়ক : লামডিং ডাকঘৰত তলা ওলমাই ধৰ্মঘট পালন….

assam Assam police himanta biswa sarma nagaon bjp