চোৰাং গৰু কঢ়িয়াই নিয়া ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত, মৃত অৱস্থাত উদ্ধাৰ...

নগাঁৱৰ বৰঘাটত চোৰাং গৰু জব্দ ৷

author-image
Asomiya Pratidin
New Update
চোৰাং গৰু কঢ়িয়াই নিয়া ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত, মৃত অৱস্থাত উদ্ধাৰ...

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ বৰঘাটত চোৰাং গৰু জব্দ ৷ আৰক্ষীৰ বেহু ফালি ট্ৰাকত চোৰাং গৰু সহ পলাবলৈ চেষ্টা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ গাড়ীৰ চালক হেণ্ডিমেনে পলায়ন কৰে যদিও আৰক্ষীয়ে এখন ট্ৰাক আৰু ১৬ টা গৰু উদ্ধাৰ কৰে ৷

১৬ টা গৰুৰ ভিতৰত ২ টা গৰু মৃত অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ জব্দ কৰা গাড়ী খনৰ নম্বৰ হৈছে এ এছ ০১ এল চি ১৮১৬ ৷ গৰুৰ চোৰাং ব্যৱসায়ীয়ে ১৬ টা গৰু বস্তা আৰু কাৰ্টুনৰ মাজত ভৰাই ট্ৰাকত সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল ৷ বৰঘাট আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি ট্ৰাকখনৰ পিছ লোৱাত চালকে পলায়ন চেষ্টা কৰি পথৰ কাষৰ এজোপা গছত খুন্দা মাৰে ৷

পাছত চালক , হেন্দিমেনে পলায়ন কৰে ৷ দূৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন তালাচী চলাই আৰক্ষীয়ে দুটি মৃত গৰু সহ ১৬ টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ গৰু কেইটা চামগুৰিৰ পৰা মেঘালয়লৈ নিয়াৰ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে ৷

nagaon assam