ঘৰতে থাকি কৰক পৰিবহনৰ কাম : আহ্বান নগাঁৱৰ পৰিবহন বিষয়াৰ…

ঘৰতে থাকি কৰক পৰিবহনৰ কাম : আহ্বান নগাঁৱৰ পৰিবহন বিষয়াৰ…

author-image
asomiyapratidin
New Update
ঘৰতে থাকি কৰক পৰিবহনৰ কাম : আহ্বান নগাঁৱৰ পৰিবহন বিষয়াৰ…

ডিজিটেল সংবাদ, নগাঁও : ৰাজ্যৰ আন জিলাৰ লগতে নগাঁৱটো পৰিবহন বিষয়া কাৰ্যালয়ক দালাল মুক্ত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে জিলা পৰিবহন বিষয়াই ৷ পৰিবহন বিষয়া সুনীত কুমাৰ বৰাই বৃহস্পতিবাৰে নগাঁওবাসীক আহ্বান জনাই কয় যে পৰিবহন বিষয়ক চৰকাৰী কাম থাকিলে পৰিবহন বিষয়া কাৰ্যালয়লৈ আহিব নালাগে ৷

অনলাইন যোগে ৰাইজে ঘৰৰ পৰা আবেদন কৰিব পাৰিব ৷ অন্যথা স্বীকৃতি প্ৰাপ্ত কমন চাৰ্ভিচ চেন্টাৰৰ সহায়ত প্ৰয়োজনীয় কাম সম্পাদন কৰিব পাৰিব ৷ বিষয়াজনে লগতে কয় যে পৰিবহনৰ ৪০ টাকৈ সেৱা অনলাইন সেৱাত অন্তৰ্ভূক্ত কৰা হৈছে ৷

অনলাইনত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মাছুল আদায় দি অনলাইনৰ আওতালৈ অনা বৰ্তমানৰ ৪০ টাকৈ সেৱাৰ সুবিধা জিলাখনৰ ৰাইজে লাভ কৰিব পাৰিব ৷ চৰকাৰী নিৰিখতকৈ কোনো লোকক অতিৰিক্ত ধন আদায় নিদিবলৈ জিলা পৰিবহন বিষয়াজনে ৰাইজক আহ্বান জনাই ৷

সমস্যাত পৰিলে বিষয়াজনৰে যোগাযোগ কৰিবলৈ কৈ বিষয়া সুনীত কুমাৰ বৰাই ব্যৱসায়ীক বাহনে অতিৰিক্ত যাত্ৰী আৰু অতিৰিক্ত বোজা কঢ়িয়াই নিনিবলৈ সতৰ্ক কৰি দি কয় যে সকলো ব্যৱসায়ীক বাহনে সময়মতে ফিটনেচৰ পৰীক্ষা কৰিব লাগিব ৷ ফিটনেচ নথকা, অতিৰিক্ত বোজা কঢ়িওৱা, অতিৰিক্ত যাত্ৰী কঢ়িওৱা যান বাহন দুৰ্ঘটনা হোৱাৰ সম্ভৱনা অধিক ৷

assam Assam police himanta biswa sarma nagaon bjp