/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/nagaonn.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাত উন্নয়ন আয়ুক্ত হিচাপে কৰ্তব্যৰত হৈ থকা উদয়াদিত্য গগৈক বদলি কৰিছে ৰাজ্যচৰকাৰে ৷ গগৈৰ কাম কাজক লৈ সততে বিতৰ্কৰ সূচনা হৈ থকাৰ পিছত ৰাজ্যচৰকাৰৰ পাৰ্চনেল বিভাগে বদলি কৰিছে ৷
শেহতীয়াকৈ নগাঁও জিলা উপায়ুক্তই উন্নয়ন আয়ুক্ত উদয়াদিত্য গগৈৰ পাখি কাটিছিল ৷ গগৈৰ কাম কাজক লৈ অসন্তোষ্ট হৈ উদয়াদিত্য গগৈয়ে কাৰ্যনিৰ্বাহ কৰি থকা উন্নয়ন আয়ুক্তৰ ক্ষমতা কৰ্তন কৰি উপায়ুক্তই আয়ুক্তৰ কাম চাবলৈ এগৰাকী অতিৰিক্ত উপায়ুক্তৰ হাতত অৰ্পন কৰিছিল ৷
চৰকাৰী নিৰ্দেশ অনুসৰি গগৈক নগাঁৱৰ পৰা দিছপুৰলৈ বদলি কৰি নগাঁৱৰ উন্নয়ন আয়ুক্ত হিচাপে নিয়োগ কৰা হৈছে গৌৰি শংকৰ শৰ্মাক ৷ শৰ্মা পূৰ্বে মহিলা আৰু শিশু উন্নয়ন বিভাগত কৰ্মৰত আছিল ৷ জানিব পৰা মতে উদয়াদিত্য গগৈৰ কাম কাজক লৈ চৰকাৰে পৰ্যবেক্ষণ কৰিছিল আৰু পৰ্যবেক্ষণৰ অন্তত গগৈক নগাঁৱৰ পৰা বদলি কৰে ৷