/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/nagaoj.jpg)
ডিজিটেল সংবাদ,নগাঁও : দীৰ্ঘ দিনৰ বিৰতিৰ পিছত নগাঁৱত সক্ৰিয় হৈ উঠিছে মটৰ চাইকেল চোৰ ৷ দুপৰ ভাগত নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ ওচৰৰ পৰা এখন মটৰ চাইকেল চোৰ কৰি উধাও হয় চোৰ ৷ হাফিজুৰ ৰহমান নামৰ শিক্ষক জনে মটৰ চাইকেল খন থৈ নগাঁও কোষাগাৰলৈ গৈ ঘূৰি আহি দেখে এ এছ ০২ এল ৫৫৬১ নম্বৰৰ মটৰ চাইকেল খন নাই ৷
ইফালে নগাঁৱৰ দিফলুত এক চুৰিৰ ঘটনা সংঘটিত হয় ৷ দিফলুৰ অনিল বৰা আৰু দীপিকা বৰাৰ বাসভৱনত ঘৰত কোনো নথকা সুবিধা লৈ চাফাই অভিযান চলাই ৷ মঙলবাৰে পুৱা প্ৰায় ১০-৩০ বজাত চোৰে ঘৰৰ দুৱাৰ ভাঙি ঘৰৰ ভিতৰত প্ৰবেশ কৰে ৷ সোন ৰূপৰ অলংকাৰ লৈ চোৰ পিছত উধাও হয় ৷
আৰু পঢ়ক: ধৰ-ধৰ-ধৰ, কিতাপ চোৰক ধৰ…