/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/nagaon2.png)
ডিজিটেল সংবাদ , নগাঁও : নগাঁও চহৰত চোৰৰ চাফাই অভিযান ৷ হয়বৰগাঁও টাউন আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণ হয়বৰগাঁৱত দেওবাৰে নিশা চোৰে লুটি নিলে সোনৰ আ-অলংকাৰৰ লগতে নগদ ধন ৷
দক্ষিন হয়বৰগাঁৱৰ নামঘৰ পথৰ পুষ্পেন্দ্ৰ মহন্ত নামৰ লোক জনৰ ঘৰত সংঘটিত হয় এই ঘটনা ৷ হৰিপ্ৰসাদ শইকীয়া নামৰ লোকজনৰ ঘৰত পুষ্পেন্দ্ৰ মহন্তৰ পৰিয়ালটি ভাড়াতীয়া হিচাপে আছিল ৷ গাওঁৰক্ষী বাহিনীৰ ৰহা আৰক্ষী থানাৰ চি অ' হিচাপে কৰ্তব্যৰত মহন্ত সপৰিয়ালে আত্মীয়ৰ এক অনুষ্ঠানত অংশ ল'বলৈ নিশাটো নগাঁৱৰ বাহিৰত আছিল ৷ ঘৰত কোনো নথকাৰ সুবিধা লৈ চোৰে দুৱাৰ ভাঙি মূল্যবান আ-আলংকাৰৰ লগতে নগদ ধন লৈ যায় ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us