২০/২৫ বছৰে বিনা বেতনে কৰ্মৰত হৈ থকা শিক্ষকৰ ক্ষোভ, চৰকাৰলৈ কাতৰ অনুৰোধ…

২০/২৫ বছৰে বিনা বেতনে কৰ্মৰত হৈ থকা শিক্ষকৰ ক্ষোভ, চৰকাৰলৈ কাতৰ অনুৰোধ…

author-image
asomiyapratidin
New Update
২০/২৫ বছৰে বিনা বেতনে কৰ্মৰত হৈ থকা শিক্ষকৰ ক্ষোভ, চৰকাৰলৈ কাতৰ অনুৰোধ…

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাত ১৯৯১ চনৰ পৰা ২০০১ চনৰ ভিতৰত বিভাগীয় কতৃপক্ষৰ নিৰ্দেশ অনুযায়ী বিভিন্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কিছুসংখ্যক শিক্ষক নিযুক্তি পাই একেৰাহে ২০/২৫ বছৰ ধৰি বিনা বেতনে কৰ্মৰত হৈ আছে।

Advertisment

এই দৰমহা নোপোৱা শিক্ষক সকলৰ সমস্যা সমাধানৰ বাবে অসম চৰকাৰৰ নিৰ্দেশ মতে, ৫ জন আয়ুক্ত সচিবৰ জৰিয়তে প্ৰতি জিলাত শুনানি গ্ৰহণ কৰিছিল আৰু সেই অনুসৰি নগাঁও জিলাতো ২০১৪ চনত শুনানি গ্ৰহণ কৰি A,B,C,D, ভাগত ভাগ কৰিছিল। তাৰে ১৩৬ জন শিক্ষকক প্ৰথমে নিয়মীয়াকৰণ কৰে ।

লগতে যোৱা ৩০/০১/২০২১ তাৰিখে ৪৫১১ শিক্ষকক খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত চৰকাৰী সভা অনুষ্ঠিত কৰি নিয়মীয়াকৰণৰ মুহুৰ্তত প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বৰ্ত্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাকী ৰৈ যোৱা নিযুক্তি প্ৰাপ্ত D ভাগৰ প্ৰতিজন শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ হ'ব বুলি ৰাজহুৱা বাবে ঘোষনা কৰিছিল। তদুপৰি শৰ্মাই বিভিন্ন ৰাজহুৱা ঠাইত বিশেষকৈ গুৰুজনাৰ পৱিত্ৰ বটদ্ৰৱা থানত ভূক্তভোগী শিক্ষক সকলৰ সন্মুখত অতি ক'ম সময়ৰ ভিতৰতে চাকৰি নিয়মীয়াকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল।

ইয়াৰ পিছতেই যোৱা ২৩/১২/২০২১ তাৰিখে অসম বিধান সভাৰ শীতকালীন অধিবেশনৰ সময়ত পৱিত্ৰ সদনৰ মজিয়াত দৰমহা নোপোৱা শিক্ষক গোটৰ লগত হোৱা এক আলোচনাত মুখ্যমন্ত্ৰীয়ে অনতিপলমে শিক্ষামন্ত্ৰী, প্ৰাথমিক শিক্ষা আয়ুক্ত আৰু সন্থাৰ বিষয় বৱীয়াৰ লগত আলোচনা কৰি চাকৰি নিয়মীয়াকৰণ হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল।

কিন্তু দুৰ্ভাগ্যৰ বিষয় যে আজিলৈকে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে। সেইবাবে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে নগাওঁ জিলাৰ লগতে সমগ্ৰ অসমৰ দৰমহা নোপোৱা শিক্ষক বৃন্দৰ সামান্য মৰ্যদা ৰক্ষা কৰি আৰ্থিক ভাৱে ভাগি পৰা পৰিয়াল সমূহৰ উপকাৰ সাধন কৰিবলৈ নগাঁও জিলা সমিতিৰ সভাপতি দীপক কুমাৰ শইকীয়া, সম্পাদকদ্বয় বাহাৰুল ইছলাম, আবুল কাছেমে শনিবাৰে বটদ্ৰৱা সাংবাদিক সন্থাৰ কাৰ্যালয়ত সংবাদ মেল অনুষ্ঠিত কৰি এই কথা সদৰি কৰে।

সংবাদ মেল খনত বঞ্চিত শিক্ষক সকলে কান্দি কান্দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ কৰি কয়, "আমাক চাকৰি নিয়মীয়াকৰণ কৰি জীয়াই থকাৰ সুবিধা দিয়ক।" সংবাদমেলত নগাঁও জিলা সমিতিৰ সদস্য বিজু কুমাৰ নাথ, নেপাল দাস, ভূপেন কলিতা, বীৰেন শর্মা ,চাহিদা কবিৰৰ লগতে সন্থাৰ বিষয় ববীয়া সকল উপস্থিত আছিল।

nagaon assam govt assam