৪ বছৰীয়া শিশুক গোৰ মাৰি মাকৰ কোলাৰ পৰা নলাত পেলালে শিক্ষকে…

৪ বছৰীয়া শিশুক গোৰ মাৰি মাকৰ কোলাৰ পৰা নলাত পেলালে শিক্ষকে…

author-image
asomiyapratidin
New Update
পশ্চিম গাৰো পাহাৰত পুনৰ  ভূমিস্খলন…

ডিজিটেল সংবাদ নগাঁও : সভ্য সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হ'ল নগাঁও চহৰত। নগাওঁ চহৰৰ খ্ৰীষ্টানপট্টিৰ এজন লোকৰ গেটৰ সম্মুখত এখন যাত্ৰীবাহী টেম্পু ৰখোৱা ঘটনাক কেন্দ্ৰ কৰি সংঘটিত হৈছে এই ঘটনাটো ৷

চালকে টেম্পুৰ পৰা যাত্ৰী নমোৱাৰ সময়তে এজন লোকে টেম্পু চালকজনক গেটৰ সন্মুখত কিয় টেম্পু ৰাখিছ বুলি প্ৰশ্ন কৰি চালক জনক প্ৰহাৰ কৰাৰ লগতে টেম্পুখনত মাকৰ লগত থকা এটি চাৰি বছৰীয়াটা শিশুক গোৰ মাৰি পথৰ দাঁতিৰ নলাত পেলাই দিয়ে।

ফলত শিশুটোৱে মূৰত আঘাত পায়। পাছত তাত উপস্থিত থকা একাংশ লোকে আহত শিশুটিক উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰে । জানিব পৰা মতে, শিশুটিৰ প্ৰকৃত ঘৰ কচুৱাৰ ৰজাআলিত। মাতৃ ফজিলা খাতুনে শিশুটো লৈ জুৰীয়া হাতীপাৰালৈ দুদিন পূৰ্বে ফুৰিবলৈ আহিছিল।

সোমবাৰে টেম্পুত নগাঁও চহৰৰ মাজেৰে কচুৱালৈ যাবলৈ আহি থাকোতে ঘটনাটো সংঘটিত হয় ৷ এই ঘটনাটো সংঘটিত হোৱাৰ পাছত ভুক্তভোগী শিশুটিৰ মাতৃয়ে নগাঁও সদৰ থানাত এক এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত সদৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্তৰ আৰম্ভ কৰে ।

জানিব পৰা মতে,এই ঘটনা সংঘটিত কৰা লোকজন নগাঁও চহৰৰ এখন হাইস্কুলৰ খান উপাধিৰ এজন শিক্ষক।এগৰাকী শিক্ষকৰ এই অমানবীয় কাৰ্যই নগাঁৱত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।