''অহাৰ দৰে উভতি আতঁৰি গ’লা'' কেনে আছে কালজীয়া সৃষ্টিৰ শিল্পী গৰাকী...

“ অহাৰ দৰে উভতি আঁতৰি গ’লা/ বাটে বাটে সূৰ সিঁচি থৈ / ৰ’দৰ তাপত মৰহি শুকালেও/ তোমাৰ কথাকে আছে কৈ “
''অহাৰ দৰে উভতি আতঁৰি গ’লা'' কেনে আছে কালজীয়া সৃষ্টিৰ শিল্পী গৰাকী...

ডিজিটেল সংবাদ,নগাঁও : “ অহাৰ দৰে উভতি আঁতৰি গ’লা/ বাটে বাটে সূৰ সিঁচি থৈ / ৰ’দৰ তাপত মৰহি শুকালেও/ তোমাৰ কথাকে আছে কৈ “ - কালজয়ি এই গীতৰ ৰচকজনা আজি কেনে আছে ? গীতৰ কথাৰে তেওঁ আশা কৰিছিল “ তুমি আহিবা বুলি বাৰে বাৰে মন / পদূলি মূখলে চাওঁ / আগচোতালৰ কৰবী জোপা / কিমান সুবাস পাঁও ৷ “

হয় জীৱনৰ ৭৯ বছৰ বয়সত আজিও তেওঁ বিচাৰে তুমি আহিবা বুলি বাৰে বাৰে পদূলি মুখলৈ চাঁও ৷ কিন্তু তেওঁ আশা কৰিলেও যেন শিল্পী জনে বিচৰাৰ দৰে কোনো পদূলিৰ মুখলৈ নাহে ৷

এটাৰ পিছত এটাকৈ সুমধুৰ চিৰজেউজ গীত ৰচনা কৰি কাললৈ খ্যাতি ৰখা শিল্পীজনা আজি ৰোগগ্ৰস্ত ৷ শৰীৰৰ বেথাই নতুন সৃষ্টিত যেন হেঙাৰ দিছে ৷ মনটোয়ে কিন্তু দোলা দিয়ে নতুন সৃষ্টিৰ বাবে ৷ কিন্তু নোৱাৰে ৷ শৰীৰে নিদিয়ে ৷ কোনো সময়ত কথা পাতিবলৈকো দেহে বাৰন কৰে ৷

৭৯ বছৰ বয়সত সপোন দেখে “ মেলি দিলো দুয়ো হাত / আকাশলৈ চাই / আকাশ ভৰি আছে জোনাকৰ চৰাই ৷ “আজন্ম , নব প্ৰজন্মৰ বাবে অপৰিচিত এই শিল্পী গৰাকীৰ নাম হৈছে সূৰ্য কুমাৰ ৰাজা ৷ ১৯৫০ চনত নগাঁও জিলাৰ ৰাইদঙীয়াত জন্ম গ্ৰহণ কৰিছিল সূৰ্য কুমাৰ ৰাজাই ৷

ৰাজ্যতে নহয় কলকাতাটো কথা আৰু সুৰেৰে সূৰ্য ৰাজাই নিজক প্ৰতিস্হা কৰিবলৈ সক্ষম হৈছিল ৷ “ সুৰসূৰ্য “ উপাধিৰে বিভূষিত শিল্পী ৰাজাৰ চাৰিশৰো অধিক জনপ্ৰিয় গীত এতিয়া সিঁচৰিত হৈ আছে ৷ আকাশবানী গুৱাহাটী, ডিব্ৰুগড় কেন্দ্ৰত সংৰক্ষিত গীত এতিয়াও শ্ৰোতাৰ মাজত জনপ্ৰিয় ৷

সূৰ্য কুমাৰ ৰাজাৰ কথা আৰু সুৰ ৰাজ্যৰ কোন শিল্পীৰ কন্ঠৰে নিগৰা নাছিল ৷ শিল্পী জয়ন্ত হাজৰিকা , খগেন মহন্ত , অৰ্চনা মহন্ত , পুলক বেনাৰ্জী , চাৰু গোহাই , নীলিমা খাতুন , ডলি ঘোষ , সন্ধ্যা মেনন আদিকে ধৰি শতাধিক শিল্পীয়ে কন্ঠ দান কৰিছিল ৷

সংগীতৰ বাবে শিক্ষকতাৰ চাকৰি ত্যাগ কৰিছিল সূৰ্য কুমাৰ ৰাজাই ৷ দণ্ডধৰ ৰাজা আৰু লাৱন্য ৰাজাৰ পুত্ৰ সূৰ্য কুমাৰ ৰাজা ১৯৮৯ চনত দীপা বৰা ৰাজাৰে বিবাহ পাশত আবদ্ধ হয় ৷ নগাঁও চহৰৰ বৈদ্যটূপৰ এটি ভাড়া ঘৰৰ বাসিন্দা শিল্পীজন ৷ পত্নী - পুত্ৰৰ সৈতে ভাড়াঘৰত নিৰলে জীৱন পাৰ কৰিছে ৷ শিল্পী পেঞ্চন লাভ কৰা ৰাজাৰ পুত্ৰ ব্যক্তিগত প্ৰতিস্থানত কৰ্মৰত হৈ আছে ৷

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in