ইউক্ৰেইনৰ পৰা দিল্লীত ছাদ্দাম , নগাঁও পালেহি নিকিতা

ইউক্ৰেইনৰ পৰা দিল্লীত ছাদ্দাম , নগাঁও পালেহি নিকিতা

author-image
asomiyapratidin
New Update
ইউক্ৰেইনৰ পৰা  দিল্লীত ছাদ্দাম , নগাঁও পালেহি নিকিতা

ডিজিটেল সংবাদ , নগাঁও : অপাৰেশ্যন গংগাৰ অধীনস্থ এখন বিশেষ বিমানেৰে হাংগেৰীৰ বু'ডাপেষ্টৰ পৰা নতুন দিল্লীলৈ প্ৰত্যাৱৰ্তন কৰে নগাঁৱৰ ৰূপহীহাটৰ ছাদ্দাম হোছেইন। ছাদ্দামে ইউক্ৰেইনৰ পৰা ৰেলেৰে হাংগেৰীলৈকে আহিছিল ৷ তাৰ পিছত বিমানেৰে নতুন দিল্লীলৈ আহে ৷

Advertisment

ইউক্ৰেইনৰ জেফ্ৰোজিয়া ষ্টেট মেডিকেল ইউনিভাৰ্ছিটিৰ পঞ্চম বৰ্ষত অধ্যয়ন কৰি থকা ছাদ্দাম সম্প্ৰতি নতুন দিল্লীৰ অসম হাউছত ৰাজ্য চৰকাৰৰ তত্বাৱধানত আছে। সোমবাৰে বিমান যোগে গুৱাহাটীত অৱতৰণ কৰিব ৷ ছাত্ৰ জনে নিৰাপদে স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে। ইপিনে, দিল্লীস্থ অসম ভৱনত ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই ছাদ্দামক লগ পাই আদৰণি জনায় ৷

ইউক্ৰেনত আবদ্ধ হৈ থকা নগাঁৱৰ লক্ষীনগৰৰ নিকিতা জয়ন্ত নামৰ ছাত্ৰী গৰাকী নিজা বাসভবনত উপস্থিত হৈছে ৷ টাৰ্নপলত থকা নিকিতাই বাছেৰে ৰোমানিয়ালৈ আহিছিল ৷ কলেজ কৰ্তৃপক্ষই বাছৰ সুবিধা কৰি দিছিল ৷ সীমান্তলৈ বাছৰ পৰা নামি ২৫ কিলোমিটাৰ খোজকাঢ়িছিল ৷ তাত দুদিন আহাৰ নোখোৱাকৈ আছিল ৷ আনকি পানী অকনো সেৱন কৰা নাছিল ৷ পিছত বিমানেৰে আহি দিল্লী আৰু তাৰ পিছত গুৱাহাটীত উপস্থিত হৈ শনিবাৰে নিশা নগাঁৱৰ লক্ষীনগৰৰ বাসভৱনত উপস্থিত হয় ৷ ইউক্ৰেনৰ পৰা ঘৰত আহি পোৱাৰ পিছত নিকিতাক লৈ স্বস্তিৰ নিশ্বাস পেলাইছে পৰিয়ালে ৷ ঘৰলৈ অহাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে গ্ৰহন কৰা পদক্ষেপক শলাগ লয় নিকিতা জয়ন্তই ৷

assam india ukraine russia