/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/nagaon-10.jpg)
ডিজিটেল সংবাদ, নগাঁও : ভাদ মাহ ৷ অসম আৰু অসমীয়াৰ বাবে প্ৰবিত্ৰ মাহ ৷ হৰি নামেৰে মূখৰিত আকাশ বতাহ ৷ ৰাজ্যৰ চুকে কোনে নামঘৰে নামঘৰে হৰি বন্দনা ৷ প্ৰবিত্ৰ ভাদমাহ উপলক্ষে সৰ্বত্ৰে নামঘৰ ,সত্ৰত নাম কীৰ্ত্তন ৷ পুৱাৰ পৰা গধূলিলৈকে সকলোতে নাম কীৰ্ত্তন ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যবদ্য সৃষ্টি নাম কীৰ্ত্তনত ভজি থাকে অসমীয়া সমাজ ৷
নাম কীৰ্তনৰ লগতে প্ৰসাদ ৷ বুট আৰু মগু নহ'লে প্ৰসাদ অসম্পূৰ্ণ ৷ গুৰু আসনৰ সন্মুখত শৰাইত প্ৰসাদ আগবঢ়াই ভকত সকলে নাম কীৰ্ত্তন কৰে ৷ প্ৰতিজন অসমীয়াই ভাদ মাহত নাম কীৰ্ত্তনৰ সৈতে সংপৃক্ত হৈ পৰে ৷ ভাদ মাহত প্ৰসাদৰ বাবে বুট, মগুৰ চাহিদা বৃদ্ধি পায় ৷ মাহটোৰ প্ৰতিদিনে বুট, মগুৰ প্ৰয়োজন ৷ গৃহস্থৰ পৰা দেওৰি সকল ব্যস্ত হ'ব লগা হয় মাহ প্ৰসাদ সাজু কৰাত ৷ সাজু হোৱা মাহ প্ৰসাদ নামতীয়ে সাজু কৰে শৰাইত ৷
ভাদ মাহত অতি প্ৰয়োজন বুট, মগুৰ চাহিদা নগাঁও জিলাৰ কৃষকে পূৰণ কৰিব পাৰিছেনে ? ই এক সাম্প্ৰতিক সময়ত এক প্ৰশ্নৰ বিষয় হৈ পৰিছে ৷ জানিব পৰা মতে নগাঁও জিলাৰ কৃষি ভূমিত বুটৰ উৎপাদন শূণ্য ৷ একেদৰে মগু মাহৰ উৎপাদনো শূণ্য ৷ তেনে হ'লে ভাদ মাহত প্ৰয়োজনীয় বুট, মগুৰ চাহিদা কেনেকৈ পূৰণ হয় ৷
নামঘৰত ভাদ মাহত প্ৰয়োজনীয় বুটৰ বজাৰখন দখল কৰি আহিছে গুজৰাট , ৰাজস্হান , মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ খেতিয়কে উৎপাদন কৰা শস্যই ৷ এই চাৰি ৰাজ্যত উৎপাদিত বুটে ভাদ মাহৰ চাহিদা পূৰণ কৰি আছে ৷ পথাৰৰ বুট ৰাজস্হান আৰু নতুন দিল্লীত মিলিঙ কৰা হয় ৷ তাতে পেকেটিঙ হয় ৷ পিছত ট্ৰাক আৰু ৰে'লেৰে অনা হয় ৷
একেদৰে মগুৰ বজাৰখন দখল কৰি আছে ৰাজস্হান, বিহাৰ, উত্তৰপ্ৰদেশ আৰু কৰ্নাটকে ৷ বিহাৰৰ খাগাৰিয়াৰ মগু মাহৰ বজাৰ ভাল ৷ সৰু আকাৰৰ খাগাৰিয়া মগু প্ৰথম প্ৰচণ্ডৰ ৷ পথাৰত উৎপাদিত মগু ৰাজস্হান আৰু নতুন দিল্লীত মিলিঙ কৰা হয় ৷ তাতে পেকেটিঙ কৰি ৰে'ল আৰু ট্ৰাকেৰে অনা হয় ৷ ফলা আৰু গোটা দুয়োটা আকাৰৰ মগুৰ বজাৰ অসমত ভাল ৷
এক সমীক্ষা মতে মাত্ৰ নগাঁও জিলাত ভাদ মাহত প্ৰায় বিশকোটি টকাৰ মগু আৰু বুট প্ৰয়োজন ৷ এটি মাহতে ইমান বৃহৎ সংখ্যক মূল্যৰ বুট আৰু মগুৰ নামত নগাঁৱৰ পৰা ৰাজ্যৰ বাহিৰলৈ ওলাই যায় ৷ বৰ্তমান খুচুৰা বজাৰত বুটৰ প্ৰতিকিলোগ্ৰামৰ মূল্য ৮০ টকা ৷ ফলা মগুৰ প্ৰতি কিলোগ্ৰামৰ মূল্য ১০৫ টকা ৷ গোটা মগুৰ মূল্য ১১০ টকা ৷
বুট আৰু মগুৰ পাইকাৰী আৰু খুচুৰা বজাৰৰ মূল্য আকৌ ব্যাপক তাৰতম্য আছে ৷ পাইকাৰী বজাৰত প্ৰতিকিলো ভাল বুটৰ মূল্য ৬৫ টকা ৷ ফলা মগু প্ৰতিকিলোগ্ৰামত ৮০ টকা ৷ গোটা মগু ৯০ টকা ৷ পাইকাৰী বজাৰ খনত নগাঁৱত এজনো অসমীয়া ব্যৱসায়ী নাই ৷
ভাদ মাহত বুট, মগুৰ ব্যাপক চাহিদাৰ বিপৰীতে আহিন, কাতি মাহটো বুট, মগুৰ চাহিদা আছে ৷ বাৰ মাহৰ ভিতৰত এই তিনি মাহত বুট, মগুৰ ব্যৱহাৰ বেছিকৈ হয় ৷ ভাদ মাহতকৈ আহিন আৰু কাতি মাহত বুট আৰু মগুৰ ব্যৱহাৰ কমকৈ হ'লেও এক বৃহৎ অংকৰ ধন অন্য ৰাজ্যলৈ ওলাই যায় ৷
জানিব পৰা মতে নগাঁও জিলাত প্ৰায় ৩২০ হেক্টৰ কৃষিভূমিত মাহ জাতীয় খেতি কৰা হয় ৷ এই কৃষি ভূমিত বিশেষকৈ মাটি মাহৰ খেতি কৰে কৃষক সকলে ৷ এই ভূমিত মগু মাহ কৰিব পৰা কোনো ব্যৱস্থা লোৱা দেখা নাযায় ৷ কৃষি বিভাগেও নগাঁও জিলাত মাহজাতীয় খেতি কৰিবলৈ কৃষকক উৎসাহিত কৰাৰ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই ৷
পূৰ্বতে গ্ৰাম্যঞ্চলৰ পথাৰত মাটি মাহ আৰু মগু মাহৰ খেতি কৰাৰ হৈছিল যদিও পৰবৰ্তী সময়ত মগু মাহৰ খেতি নগাঁৱত বিলুপ্তিৰ গৰাহত ৷