সমাজকৰ্মী অশোক শৰ্মাৰ দেহাৱসান…

সমাজকৰ্মী অশোক শৰ্মাৰ দেহাৱসান…

author-image
asomiyapratidin
New Update
সমাজকৰ্মী অশোক শৰ্মাৰ দেহাৱসান…

ডিজিটেল সংবাদ, নগাঁও : উত্তৰ হয়বৰগাঁৱৰ মাধৱদেৱ পথৰ নিবাসী সমাজকৰ্মী তথা ধাৰ্মিক ব্যক্তি অশোক শৰ্মাৰ বৃহস্পতিবাৰে নিশা প্ৰায় ১১.৫০ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্চিংহ'মত মৃত্যু হয়। বৃহত্তৰ উত্তৰ হয়বৰগাওঁ অঞ্চলৰ বহু কেইটা সামাজিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত অশোক শর্মাৰ মৃত্যুৰ সময়ত বয়স আছিল প্ৰায় ৭৪ বছৰ।

উত্তৰ হয়বৰগাঁও শিৱ মন্দিৰ, উত্তৰ হয়বৰগাওঁ বৰ নামঘৰ, বীণাপানি পূজা মন্দিৰ, হয়বৰগাঁও শ্মশান কমিটিৰ এজন অন্যতম সদস্য অশোক শৰ্মাৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ হয়বৰগাঁও অঞ্চলত শোকৰ ছাঁ পেলাইছে। মৃত্যুৰ বাতৰি পাই অঞ্চলটোৰ বহু স্থানীয় ৰাইজ তথা গুণমুগ্ধ অশোক শৰ্মাৰ গৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে মৃত্যুৰ সময়ত অশোক শৰ্মাই পত্নী,জী-জোঁৱাইৰ লগতে অসংখ্য আত্মীয়ক ইহ সংসাৰত এৰি থৈ গৈছে ৷

nagaon assam