নগাঁও আৰক্ষীৰ চুটি ছবি প্ৰতিযোগিতা, আছে আকৰ্ষণীয় পুৰস্কাৰ…

নগাঁও আৰক্ষীৰ চুটি ছবি প্ৰতিযোগিতা, আছে আকৰ্ষণীয় পুৰস্কাৰ…

author-image
asomiyapratidin
New Update
নগাঁও আৰক্ষীৰ চুটি ছবি প্ৰতিযোগিতা, আছে আকৰ্ষণীয় পুৰস্কাৰ…

ডিজিটেল সংবাদ, নগাঁও: ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ অসম আৰক্ষীৰ সফল অভিযানৰ ক্ষেত্ৰত নগাঁও আৰক্ষীয়েও নিষ্ঠাৰে কৰ্তব্য পালন কৰি আহিছে ৷ ড্ৰাগছক সমাজৰ পৰা নিৰ্মূল কৰিবলৈ অভিযান অব্যাহত ৰখাৰ লগতে সামাজিক ভাবে সজাগতা সৃষ্টিৰ বাবে নগাঁও আৰক্ষীয়ে হাতত লৈছে এক বিশেষ পদক্ষেপ ৷

ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে নগাঁও আৰক্ষীয়ে আয়োজন কৰিছে এখনি চুটি ছবি প্ৰতিযোগিতাৰ ৷ চুটি ছবি প্ৰতিযোগিতাখনিৰ বাবে ছবিৰ দৈঘ্য স্থিৰ কৰা হৈছে দুই মিনিট ৷ সাত জুলাইৰ ভিতৰত ইচ্ছুক ছবি নিৰ্মাতাই চুটি ছবি জমা দিব লাগিব ৷

sp-nagaon@assampolice.gov.in অথবা +919101013765 নম্বৰলৈ চুটি ছবি সমূহ প্ৰেৰন কৰিব পাৰিব ৷ প্ৰতিযোগিতাত ভাগ লোৱা প্ৰতিযোগি সকলকৰ চুটি ছবি সমূহৰ পৰা তিনিখন ছবি নিৰ্বাচিত কৰি নগদ ধনেৰে পুৰস্কৃত কৰিব নগাঁও আৰক্ষীয়ে ৷ প্ৰথম পুৰস্কাৰ ১০ হাজাৰ টকা , দ্বিত্বীয় পুৰস্কাৰ ৭ হাজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ ৫ হাজাৰ টকা প্ৰদান কৰিব ৷

আৰু পঢ়ক: লামডিং ৰেলৱে মহিলা কল্যান সমিতিৰ ফালৰ পৰা বানপীড়িত এলেকাত সাহায্য প্ৰদান…

nagaon assam Assam police