নগাঁৱৰ ৰাইদঙীয়াৰ বনকৰ্মী, সমাজকৰ্মী সত্যেন্দ্ৰ ডেকাৰ মৃত্যু...

নগাঁও জিলাৰ ৰাইদঙীয়াৰ সত্যেন্দ্ৰ ডেকাৰ পৰলোকপ্ৰাপ্তি
nagaon death
nagaon death

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ ৰাইদঙীয়াৰ সত্যেন্দ্ৰ ডেকাৰ পৰলোকপ্ৰাপ্তি ৷ ৫০ বছৰ বয়সত মৃত্যুক সাৱতি লোৱা ডেকাৰ মৃত্যুত শোঁকৰ ছাঁ পৰিছে বৃহত্তৰ ৰাইডঙীয়া অঞ্চলত ৷

শুকুৰবাৰে সত্যেন্দ্ৰ ডেকাই গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যুক সাৱতি লয় ৷ পত্নীক চিকিৎসাৰ বাবে গুৱাহাটীলৈ নি চিকিৎসাসেৱা আগবঢ়াই থকাৰ সময়ত ডেকাৰ শৰীৰত জটিল ৰোগ ধৰা পৰে ৷ ফলত চিকিৎসাৰ দিহা কৰাৰ পিছতে শুকুৰবাৰে মৃত্যুক সাৱতি ল'ব লগা হয় ৷

প্ৰয়াত ডেকা বন বিভাগৰ কৰ্মচাৰী আছিল ৷ এসমত গ্ৰীৰ্ণ গাৰ্ড নামৰ অনুস্থানটিৰে জড়িত হৈ সত্যেন্দ্ৰ ডেকাই সেউজ বিপ্লৱৰে জৰিত হৈ পৰিছিল ৷ ৯০ দশকত বঢ়মপুৰ স্থিত কুকুৰা ফাৰ্মৰ ওচৰত উগ্ৰপন্থীয়ে অতৰ্কিতে চলোৱা আক্ৰমনত কথমপি প্ৰাণ ৰক্ষা পৰিছিল ৷ এই আক্ৰমণত ডেকাৰ একাধিক সতীৰ্থই মৃত্যুক সাৱতি লৈছিল ৷

নগাঁও সামাজিক বননীকৰণ সংমণ্ডলৰ অধীনত বঘৰা-মিকিৰভেটাত কৰ্মৰত হৈ থকা সত্যেন্দ্ৰ ডেকাই মৃত্যুৰ সময়ত পত্নী, কনমানি কন্যা আৰু পুত্ৰক এৰি থৈ গৈছে ৷

প্ৰয়াত ডেকা সৌৰভ শাখা সাহিত্য সভা, জেষ্ঠ নাগৰিক মঞ্চ, সোণাইনদী উত্তৰাঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতি, জাগৰণ সাংস্কৃতিক গোষ্ঠী, প্ৰজাপিতা ব্ৰহ্ম কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়কে আদি কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত জড়িত আছিল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in