তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী অনুষ্ঠান...

শুকুৰবাৰৰ পৰা তিনিদিনীয়কৈ কলঙৰ বাকৰি নেহেৰুৱালিৰ সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা ক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে
nagaon
nagaon

ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠান শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ কলঙৰ বাকৰি নেহেৰুৱালিৰ সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা ক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে। পুৱা ৫০ খন পতাকা উত্তোলনৰে সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।

মূল পতাকা উত্তোলন কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই। ইয়াৰ পিছতেই ৫০ গছি বন্তি প্ৰজ্বলন কৰা হয়। মুখ্য প্ৰজ্বলক হিচাপে বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্য্যালয়ৰ সম্পাদক মৃনাল হাজৰিকাই।

এই দুয়োটা অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মা আৰু প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা উপস্থিত থাকে। দিনৰ ১১ বজাৰ পৰা প্ৰবীণ মুক্তিযোদ্ধা ৰজনী কান্ত বৰা সোঁৱৰণী হিতৈষী, আজীৱন সভ্যৰ মহামিলন আৰু অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়।

জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠান উদ্বোধন কৰি দিয়া ভাষণত বিশিষ্ট সাহিত্যিক, গৱেষক ড° নৰেন কলিতাই অবিভক্ত নগাঁও জিলাৰ প্ৰাচীন ঐতিহ্য, সংস্কৃতিৰ বিষয়ে উল্লেখ কৰি সাহিত্য কৰ্মী সকলক ইয়াৰ চৰ্চা কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় - অতীত কালৰ পৰাই নগাঁও জিলা ভাষা-সাহিত্য-সংস্কৃতিত চহকী। আজীৱন সভ্য আৰু হিতৈষী সদস্যৰ উপস্থিতিয়ে অসম সাহিত্য সভাক নতুন মাত্ৰা প্ৰদান কৰিছে।

জিলা সাহিত্য সভাৰ সম্পাদক ৰেবত কুমাৰ হাজৰিকাই উদ্দেশ্য বাখ্যা কৰা সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে কয় - আজীৱন সভ্য অসম সাহিত্য সভাৰ বুনিয়াদ স্বৰূপ। অসম সাহিত্য সভাৰ গতিত এওলোকে নতুন যাত্ৰা আৰম্ভ কৰিছে। তেওঁ লগতে কয় অসম সাহিত্য সভা উত্তৰ পূৰ্বাঞ্চল তথা ভাৰত বৰ্ষৰ এক আদৰ্শ সাহিত্য তথা জাতীয় অনুষ্ঠান। আজীৱন সভ্যৰ জৰিয়তে হে অসম সাহিত্য সভাই জাতীয় জীৱন সমৃদ্ধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।

ভাষণ প্ৰসংগত ড° ৰাজবংশীয়ে আওপকীয়াকৈ অসম সাহিত্য সভাৰ শেহতীয়া কাম কাজক সমালোচনা কৰি কয়- সাহিত্য সভাত বহুতো ৰাজনীতিক আছে। এই প্ৰসংগত ড° নগেন শইকীয়া, ড° ভূপেন হাজৰিকাৰ কথা উল্লেখ কৰি ড° ৰাজবংশীয়ে কয়- মই এতিয়া ৰাজনীতিৰ লগত জড়িত। সাহিত্য সভাত মই কিয় চুৱা হ'লো বুলি প্ৰশ্ন কৰি ড° ৰাজবংশীয়ে কয়- অসম সাহিত্য সভাৰ প্ৰতি মোৰ প্ৰাণ আছে। তেওঁ লগতে কয় বহু ৰাজনীতিকে সাহিত্য সভাক নিজৰ কামত ব্যৱহাৰ কৰিব বিচাৰে। মই তেনে পৰিবেশ হোৱাটো নিবিচাৰোঁ। প্ৰাক বৈষ্ণৱ যুগৰ ৰজাই সাহিত্য সংস্কৃতিৰ পৃষ্ঠপোষকতা নকৰা হলে আমি বৰ্ণাঢ্য ভাষা-সাহিত্য-সংস্কৃতি নাপালোঁ হেঁতেন বুলি ড° ৰাজবংশীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

সাহিত্য সভাৰ বৰ্তমানৰ নেতৃত্বক সমালোচনা কৰি তেওঁ কয় সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত ব্যক্তি বিশেষৰ নেতৃত্ব মানি চলা উচিত নহয়। আমি অসম সাহিত্য সভাৰ নেতৃত্ব মানিম। সংবিধানৰ আধাৰত সাহিত্য সভা চলিলে সাহিত্য সভা আগুৱাই যাব পাৰিব। সভাত ভাষণ প্ৰদান কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই কয়- মাতৃভাষা আৰু সাহিত্য-সংস্কৃতিৰ উত্তৰণ ঘটাব লাগিব।

নহ'লে মাতৃভাষা হেৰাই গ'লে আমি সকলো জগৰীয়া হ'ম। অসম সাহিত্য সভাৰ ৪৩০০০ আজীৱন সভ্য আছে বুলি মন্তব্য কৰি শৰ্মাই কয় যে আজীৱন সভ্যই হৈছে আমাৰ মূল চালিকা শক্তি। অনুষ্ঠানত নগাঁও জিলা সাহিত্য সভাৰ উপ সভাপতি থগিত মহন্ত, প্ৰাক্তন সভাপতি নিত্যানন্দ বৰাৰ লগতে সুধাময় দাস, মৃণাল হাজৰিকা, শৰৎ শইকীয়া, উপেন বৰা, অনুপ কুমাৰ বৰঠাকুৰ আদিকে ধৰি কেইবা গৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।

দুপৰীয়া এম ইদ্ৰিছ আলি সোঁৱৰণী কবি সন্মিলন আৰু নৰেশ্বৰ শৰ্মা বৰুৱা সোঁৱৰণী কুঁহি অনুষ্ঠান আৰু সন্ধিয়া খগেন মহন্ত সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। ইপিনে সংবাদ মাধ্যমৰ আগত ড° পৰমানন্দ ৰাজবংশীয়ে কয়- চৰকাৰৰ সহযোগিতা লাগিব যদিও চৰকাৰ নেতিবাচক কাম-কাজৰ গঠন মূলক সমালোচনা কৰিব লাগিব।

লাচিত বৰফুকন সম্পৰ্কে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ড° ৰাজবংশীয়ে কয়- লাচিত বৰফুকন আমাৰ জাতীয় সত্বা। তেওঁ অসমৰ মহৎ শক্তিশালী যোদ্ধা। শংকৰ সংঘৰ শেহতীয়া বিতৰ্কৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় আমি সকলো সমিল মিলৰে থাকিব লাগে।

সভাতেই অতুল চন্দ্ৰ কাকতিৰ " গো মুখীৰ পৰা গঙ্গা সাগৰলৈ" "তুষাৰ তীৰ্থ অমৰনাথ" ৰঞ্জনা বৰাৰ "তীৰ্থ ভ্ৰমণ", "গৰ্ভধাৰণৰ পৰা ভূমিস্থলৈ", ড° ভদ্ৰ কান্ত বৰাৰ "বৈষ্ণৱ দৰ্শন" আৰু "এক শৰণ নাম ধৰ্ম সমাজ" আৰু দিলীপ কুমাৰ বৰাৰ "নগাঁও জিলাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সংক্ষিপ্ত ইতিহাস" গ্ৰন্থ কেইখন আজি উন্মোচন কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in