নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱৰ লাইখুটা স্থাপন...

দেওবাৰে মাংগলিক ধ্বনি আৰু আয়তীৰ উৰুলিৰে এক উৎসৱমুখৰ পৰিৱেশত স্থাপন কৰা হয় লাইখুটা

author-image
Asomiya Pratidin
New Update
নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱৰ লাইখুটা স্থাপন...

nagaon

ডিজিটেল সংবাদ, নগাঁও : অসম সাহিত্য সভাৰ অন্যতম শক্তিশালী শাখা নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানৰ লাইখুটা দেওবাৰে মাংগলিক ধ্বনি আৰু আয়তীৰ উৰুলিৰে এক উৎসৱমুখৰ পৰিৱেশত স্থাপন কৰা হয়।উল্লেখ্য যে নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুবালিত ২, ৩ আৰু ৪ ডিচেম্বৰত নগাঁও জিলা সাহিত্য সভাৰ সোনালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব।

Advertisment

লাইখুটা স্থাপন কৰে বিশিষ্ট সাহিত্যিকদ্বয় তথা নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ক্ৰমে ড° নৰেন কলিতা আৰু উপেন্দ্ৰ বৰকটকীয়ে। এই উপলক্ষে হোৱা চমু অনুষ্ঠানত দুয়োগৰাকী সাহিত্যিকে নগাঁও জিলা সাহিত্য সভাই বিগত সময়ত কৰি অহা কাম কাজৰ এক চমু আভাস দাঙি ধৰে।

জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই আঁত ধৰা অনুষ্ঠানত জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা, নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মৃণাল হাজৰিকা, জিলা সাহিত্য সভাৰ উপসভাপতি থগিত মহন্তৰ লগতে ভৱেশ মেধি, আবুল খায়েৰ আহমেদ, নিত্যানন্দ বৰাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি, জিলা সাহিত্য সভাৰ বিষয় ববীয়া, শাখা সাহিত্য সভাৰ প্ৰতিনিধি সকলে অংশ গ্ৰহণ কৰে।

আৰু পঢ়ক : ২২ নৱেম্বৰৰ পৰা গুৱাহাটীৰ কলাক্ষেত্ৰত শিশু বিজ্ঞান প্ৰদৰ্শনী...

nagaon nagaon district sahitya sabha assam assam sahitya sabha