নগাঁৱৰ কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠানক বিধায়ক উন্নয়ন পুঁজিৰ চেক বিতৰণ ৰূপক শৰ্মাৰ...

নগাঁও সদৰ সমষ্টিৰ কেইবাটাও সামাজিক-সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানক দেওবাৰে বিধায়ক উন্নয়ন পুঁজিৰ চেক বিতৰণ কৰা হয়

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠানক বিধায়ক উন্নয়ন পুঁজিৰ চেক বিতৰণ ৰূপক শৰ্মাৰ...

nagaon rupak sharma

ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও সদৰ সমষ্টিৰ কেইবাটাও সামাজিক-সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানক দেওবাৰে বিধায়ক উন্নয়ন পুঁজিৰ চেক বিতৰণ কৰা হয় ৷ এই চেক বিতৰণ কৰা অনুষ্ঠান সমূহ ক্ৰমে - ৰনথলী ৰজাভেটি মুকলি মঞ্চ, নৱ জেউতি পুথিভঁৰাল, হৰিহৰ কৃষ্টি বিকাশ সমিতি, উপাসনা শাখা সাহিত্য সমিতি, পূৱ বৰক’লা তিৱা নামঘৰ, মিলনপুৰ যুৱ মঞ্চ, খাটগুৰি বেবেজীয়া কৃষ্টি বিকাশ কেন্দ্ৰ নামঘৰ।

Advertisment

এই অনুষ্ঠান সমূহক চেক বিতৰণ কৰি বিধায়ক গৰাকীয়ে কয় - বিধায়ক পুঁজিৰ জৰিয়তে আবন্টিত ধনেৰে এই অনুষ্ঠান সমূহৰ আন্ত:গাঁঠনি যথেষ্ঠ উন্নয়ন হোবাৰ লগতে আৰু অধিক আটকধুনীয়া হৈ উঠাৰ ওপৰি ৰাইজ উপকৃত হ'ব ৷

nagaon mla assam rupak sharma