/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/a0592523-a423-4738-ad51-20d01c45edab/rupak_sarma.jpg)
nagaon rupak sarma
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৪২' ৰ শ্বহীদ মনবৰ নাথৰ ৮০ সংখ্যক স্মৃতি দিৱস উপলক্ষে মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে বীৰ শ্বহীদ গৰাকীৰ ওপজা ভূমি নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ জামুগুৰি গাঁৱত উদযাপন কৰা হয়।
এই উপলক্ষে জামুগুৰিৰ শ্বহীদ মনবৰ নাথ মজলীয়া বিদ্যালয়ৰ প্ৰাংগণত মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়। বীৰ শ্বহীদ গৰাকীৰ ৮০ সংখ্যক স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি এটি স্মৃতি স্তম্ভ উন্মোচন কৰা হয়।
নগঞা যুৱ শিল্পী লক্ষ্যজিৎ বৰাই প্ৰাণৰ সঞ্চাৰ কৰা শ্বহীদ মনবৰ নাথৰ স্মৃতি স্তম্ভটি উন্মোচন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। উল্লেখ্য যে, শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি থানাত ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত ব্ৰিটিছৰ গুলি বুকু পাতি দেশৰ বাবে প্ৰাণ আহুতি দিছিল ৰাষ্ট্ৰবীৰ মনবৰ নাথে।