মৰণফান্দলৈ পৰিণত বেবেজীয়া-ঘাঁহী গড়কাপ্তানি পথ

নগাঁও জিলাৰ বেবেজীয়া অঞ্চলৰ এটা পথৰ 'ছাইড বাম' আৰু বিধ্বস্ত ৰূপৰ বাবে যমৰ যাতনা ভুগিবলগীয়া হৈছে কুৰিখনকৈ গাঁৱৰ পথচাৰীয়ে ।

author-image
Asomiya Pratidin
New Update
মৰণফান্দলৈ পৰিণত বেবেজীয়া-ঘাঁহী গড়কাপ্তানি পথ

ডিজিটেল সংবাদ , বেবেজীয়া: নগাঁও জিলাৰ বেবেজীয়া অঞ্চলৰ এটা পথৰ 'ছাইড বাম' আৰু বিধ্বস্ত ৰূপৰ বাবে যমৰ যাতনা ভুগিবলগীয়া হৈছে কুৰিখনকৈ গাঁৱৰ পথচাৰীয়ে । অঞ্চলবাসীৰ বাবে যাতায়াতৰ ক্ষেত্ৰত মূৰৰ কামোৰণি হৈ পৰা এই গড়কাপ্তানি পথটো হৈছে বেবেজীয়া-ঘাঁহী সংযোগী পথ ।

অসম ৰাজ্যিক পথ প্ৰকল্পৰ অধীনত ২০১৩ বৰ্ষতে এই পথটোক উন্নীতকৰণ কৰা হৈছিল যদিও সেই সময়ত পথটোৰ 'ছাইড বাম'ৰ উন্নীতকৰণ হোৱা নাছিল । কেৱল মাটি পেলায়েই দায়িত্ব সামৰিছিল ঠিকাদাৰী প্ৰতিষ্ঠানে । যাৰ পৰিণতিত এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে বেবেজীয়া,মাহৰিআটী,ঘাঁহী, জাগীয়াল,দক্ষিণপাট,বৰজহা, ম'হমৰীয়া,কৃষ্ণাইখাট, বিহুচোৱাবৰ,ৰঙাচিলা,হাতীগড়,তুলসীমুখ,বালিগাঁও,বৰক'লা আদিকে ধৰি কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে ।

পথটোৰ ছাইড বাম উন্নীতকৰণ নকৰাৰ ফলত এতিয়া সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ । ইয়াৰোপৰি পথৰ মাজ অংশটো সৃষ্টি হৈছে পুখুৰীসদৃশ গাঁতৰ । সম্প্ৰতি এই গাঁতসমূহ পৰ্যবসিত হৈছে মৰণফান্দলৈ । যাৰফলত এতিয়া মৰণত শৰণ দি অহা-যোৱা কৰিবলগীয়া হয় পথচাৰী ।

কাৰণ বিপৰীত দিশৰ পৰা এখন সৰু চাৰিচকীয়া বাহন আহিলেই ৰৈ যাবলগীয়া হয় দুচকীয়া বাহনৰ আৰোহীও । বেবেজীয়াৰ পৰা দক্ষিণপাটলৈকে সাত কিল'মিটাৰ দৈৰ্ঘ্যৰ পথটোৰ বিশেষকৈ বেবেজীয়া চাৰিআলিৰ পৰা ঘাঁহীলৈকে এই অংশটোৰ ছাইড বাম আৰু মাজ অংশ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে ।

এই অংশছোৱাত ইতিপূৰ্বে সংঘটিত হৈছে বহুকেইটা পথ দুৰ্ঘটনা । ২০১৯-২০ বৰ্ষত সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি পৰিবেশন কৰাৰ পিছত ২০২০ বৰ্ষৰ অক্টোবৰ মাহত পথটোৰ কিছু মেৰামতি কৰা হৈছিল যদিও নিম্নমানৰ কামৰ বাবে এবছৰতে পূৰ্বৰ ৰূপ ধাৰণ কৰিলে পথটোৱে ।

কেইবাখনো উচ্চ শিক্ষানুষ্ঠানখন,ঐতিহাসিক কীৰ্তিচিহ্ন,ৰে'ল ষ্টেচন,ৰাষ্ট্ৰীয় ঘাইপথ, নগাঁও বাইপাছ আৰু বিভিন্ন চৰকাৰী কাৰ্যালয় সংযোগী এই পথটোৰ এনে অৱস্থাই এতিয়া জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক । কিন্তু পথটোৰ এনে শোচনীয় ৰূপেও গা লৰাব পৰা নাই লোকনিৰ্মাণ বিভাগৰ । এতিয়া ৰাইজে মৰণফান্দলৈ পৰ্যবসিত হোৱা পথটোৰ উন্নীতকৰণৰ বাবে স্থানীয় জনপ্ৰতিনিধিৰ হস্তক্ষেপ দাবী কৰিছে ।

nagaon assam