/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/khjhdj.jpg)
ডিজিটেল সংবাদ , নগাঁও : নগাঁৱৰ পুৰনিগুদামত পথ দুৰ্ঘটনা ৷ শুকুৰবাৰে নিশা সংঘটিত পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত এজন সংবাদ কৰ্মী ৷ সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত চিকিৎসাধীন সংবাদ কৰ্মীজন ৷ আহত চিকিৎসা কৰ্মীজনৰ নাম হৈছে দীপাংকৰ ভৰদ্বাজ ৷
শুকুৰবাৰে নিশা দীপাংকৰ পুৰনিগুদাম কাখৰি গাঁৱলৈ আহি থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয় ৷ পুৰনিগুদামত চলি থকা ফ'ৰ লেন পথ নিৰ্মান কাৰ্যৰ বিসংগতিৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হবলৈ পালে বুলি অভিযোগ উঠিছে ৷ পথ নিৰ্মানকাৰী সংস্থাই পথ নিৰ্মানৰ বাবে লব লগা সাবধানতা নোলোৱাৰ বাৰে পুৰনিগুদামত সঘনে দুৰ্ঘটনা সংঘটিত হৈ আছে ৷
শুকুৰবাৰেও একে কাৰনতে দীপাঙ্কৰে নিৰ্মানস্হলীত কোনো সাংকেটিক চিহ্ন নথকাৰ বাবে মাটি জমা কৰা স্থানত স্কুটিৰে খুন্দা মাৰি নিয়ন্ত্ৰন হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে ৷ ফলত গুৰুতৰ ভাবে আহত হয় ৷ স্থানীয় লোকে নিশা নগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে লগে লগে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰন কৰে ৷
আৰু পঢ়ক: যোৰাবাটত জব্দ ২ কোটি টকাৰ ব্ৰাউন চুগাৰ,গ্ৰেপ্তাৰ ২