/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/efebaf5c-b68c-48a0-bfb8-5734db9f12eb/acc.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁও বৰঘাটত দেওবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৷এ এছ ০২ এএইছ ১৪০৪ নম্বৰৰ গাড়ীখনে নগাঁও চহৰৰ পৰা আহি থকা এ এছ ০২ ই আৰ ৪৯০৭ নম্বৰৰ ই-ৰিক্সাখনত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷
দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হয় ছজনকৈ যাত্ৰী৷ আহত সকলৰ ভিতৰত এজন যাত্ৰীৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে ৷ আঘাতপ্ৰাপ্ত লোককেইজন ক্ৰমে ৰিন্টুমণি বৰা, কমল বৰা,কাৰ্তিক বৰা,জোনালী বৰা, লিপি বৰা আৰু পুৰৱী বৰা৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us