নগাঁৱত পথ দুৰ্ঘটনা, সংকটজনক কেইবাজনৰ অৱস্থা...

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত হাইডুবিত দেওবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
নগাঁৱত পথ দুৰ্ঘটনা, সংকটজনক কেইবাজনৰ অৱস্থা...

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত হাইডুবিত দেওবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত সংকটজনক অৱস্থাত তিনিজন লোকক চিকিৎসালয়লৈ প্রেৰণ কৰা হয়।

ঘটনাৰ বিবৰণী অনুসৰি, AS02W 5272 নম্বৰৰ মটৰ চাইকেলে ধিঙৰ পৰা নগাঁও অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন চাইকেলত তীব্ৰ বেগত খুন্দা মাৰে।

দুৰ্ঘটনা স্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ 108এম্বুলেঞ্চত আহত সকলক সংকটজনক অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহত হোৱা লোক কেইজনৰ নাম আৰু পৰিচয় জানিব পৰা নাই।

আৰু পঢ়ক: মোৰাঝাৰত ৰঞ্জিত বাহাদুৰ ধানৰ ফচল দেখি উৎফুল্লিত কৃষক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in