/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
ডিজিটেল সংবাদ, বেবেজীয়া: নগাঁও জিলাৰ সোণাইঘাট চলচলিত বৃহস্পতিবাৰে নিশা ১১ বজাত এক ভংয়কৰ পথ দুৰ্ঘটনা সংঘটিত হয়।এই দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় মেৰাজুল হক (২৮) নামৰ যুৱক জন।
মৃত মেৰাজুল হক হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত কাতিমাৰী গ্ৰান্টৰ ইয়াদ আলীৰ একমাত্ৰ পুত্ৰ বুলি জানিব পৰা গৈছে। নগাঁও ধিং ভুৰাগাঁও গড়কাপ্তানী পথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো।
জানিব পৰা মতে নিশা মেৰাজুল হক এখন স্কুটিৰে গৃহ অভিমুখে আহি থাকোতেই বিপৰীত দিশৰ পৰা তীব্ৰ বেগেৰে অহা এখন টাটা মোবাইল গাড়ীয়ে খুন্দিয়াই থিতাতে নিহত কৰে। যুৱক জনক খুন্দিয়াই টাটা মোবাইল খন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
নিশা ১১:৩০ বজাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিভিল হস্পিটেললৈ প্ৰেৰণ কৰে।
আজি পুৱাৰে পৰা এক শোকস্তব্ধ পৰিৱেশ বিৰাজ কৰিছে মৃতকৰ পৰিয়ালৰ গাঁৱত।