/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ , নগাঁও : নগাঁও চহৰৰ পানীগাঁও কালীবাৰীত মঙলবাৰে দুপৰীয়া সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়।
পথ দুৰ্ঘটনাটোত নিহত হোৱা লোকজন নগাঁৱৰ কৰৈৱনীৰ ৰামাঞ্জল শইকীয়া (৪০) বুলি জানিব পৰা গৈছে। ৰামাঞ্জল শইকীয়াই বজাৰ কৰি নগাঁও চহৰৰ পৰা নিজ ঘৰ কৰৈৱনীলৈ চাইকেলেৰে গৈ থকা অৱস্থাত পানীগাঁও কালীবাৰীত চাইকেলেৰে নিয়ন্ত্ৰণ হেৰুৱাই এ এছ ০২ এচি২২৯৩ নম্বৰৰ ট্ৰাকত খুন্দিওৱাৰ ফলত শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়।
থিতাতে নিহত হয় লোকজন।নগাঁও যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাৰে নগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়ে ৷
আৰু পঢ়ক: নামৰূপত ড্ৰাগছ সহ দুজনক গ্ৰেপ্তাৰ…