/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/ranjan.jpg)
ডিজিটেল সংবাদ, নগাঁও : আগন্তুক স্বাধীনতা দিৱসত দিল্লী দূৰদৰ্শন, আকাশবাণী দিল্লী আৰু গুৱাহাটীকে ধৰি বিভিন্ন প্ৰচাৰ মাধ্যমত সম্প্ৰচাৰিত হ'ব শিল্পী ৰঞ্জন বেজবৰুৱাৰ অনুবাদ আৰু কণ্ঠেৰে 'জয় ভাৰতী, বন্দে ভাৰতী' শীৰ্ষক দেশপ্ৰেমূলক সংস্কৃত গীতটি ৷ স্বাধীনতা দিৱসৰ প্ৰাক্-ক্ষণত পোন প্ৰথমে শনিবাৰে সন্ধিয়া ৬.৩০ বজাত ডিডি নিউজৰ জনপ্ৰিয় সংস্কৃত অনুষ্ঠান 'বাৰ্তাৱলী' যোগে দৃশ্যসহ পৰিৱেশিত হ'ব গীতটি ।
৬০ৰ দশকৰ বিখ্যাত কথাছবি 'জগদ্ গুৰু শঙ্কৰাচাৰ্য'ত কবি ভাৰত ব্যাসৰ ৰচনাৰে সুৰসম্ৰাজ্ঞী লতা মঙ্গেশকাৰে কণ্ঠ দিয়া এই ধ্ৰুপদী ৰসৰ গীতটি নতুন সঙ্গীতেৰে সজাই সংস্কৃত ভাষাত গাইছে খ্যাতিমান শিল্পী, গীতিকাৰ ৰঞ্জন বেজবৰুৱাই। সহযোগী হিচাপে আছে শিল্পী কানু কন্দলি, দীপশিখা শৰ্মা, নিভাৰাণী বৰা আৰু অনুষ্কা শৰ্মা। দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক ড: নাৰায়ণ দত্ত মিশ্ৰৰ সম্পাদনা, অভিষেক ধৰৰ সঙ্গীত ব্যৱস্থাপনা আৰু বেদাশীষ শৰ্মাৰ বাণীবন্ধনেৰে প্ৰস্তুত হোৱা এই গীতটি চলিত বিশ্ব সংস্কৃত সপ্তাহত বিশেষভাৱে প্ৰচাৰ কৰিব 'লোকভাষা প্ৰচাৰ সমিতি, ভাৰতৰ অসম শাখাই।
আৰু পঢ়ক : উৎকোচ বিছাৰি নিলম্বন হ'ল বিন্নাকান্দি উন্নয়ন খণ্ডৰ জিপিচি…