সমাগত ৰাস মহোৎসৱ: ভাস্কৰ্য্য শিল্পৰে সাজু হৈছে নগাঁৱৰ "বৃন্দাবন মঞ্চ"

সমাগত ৰাস মহোৎসৱ। গুৰুজনাৰ অমৰ সৃষ্টি অংকীয়া নাট কেলিগোপালৰ' আধাৰত আগন্তুক শ্ৰীশ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ উপলক্ষে সমগ্ৰ অসমত উদুলি- মুদুলি পৰিৱেশ।
সমাগত ৰাস মহোৎসৱ: ভাস্কৰ্য্য শিল্পৰে সাজু হৈছে নগাঁৱৰ "বৃন্দাবন মঞ্চ"

ডিজিটেল সংবাদ, বেবেজীয়া: সমাগত ৰাস মহোৎসৱ। গুৰুজনাৰ অমৰ সৃষ্টি অংকীয়া নাট কেলিগোপালৰ' আধাৰত আগন্তুক শ্ৰীশ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ উপলক্ষে সমগ্ৰ অসমত উদুলি- মুদুলি পৰিৱেশ। খোল-তালৰ ধ্বনিত মুখৰিত সমগ্ৰ অঞ্চল।

তাৰ সমান্তৰালকৈ ৰাসত ব্যৱহাৰ্য ভাস্কৰ্য্য শিল্পৰো নিৰ্মান কাৰ্য্য পূৰ্ণগতিত চলি আছে। সমাগত ৰাস মহোৎসৱত মুখাশিল্পৰ প্ৰদৰ্শনৰ বাবে সাজু হৈ উঠিছে নগাঁৱৰ হাতীচোং ব্ৰাহ্মন গাঁৱৰ নিবাসী তথা যুৱ সাংবাদিক দেৱব্ৰত বৰাৰ নেতৃত্বত বৃন্দাবন মঞ্চ।

সাধাৰণতে মাজুলিত দেখা পোৱা মুখাশিল্প দেৱব্ৰত বৰাৰ নেতৃত্বত এটা যুৱকৰ দলে দিনে নিশাই মুখাশিল্প তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে। ৰাস মহোৎসৱত ব্যৱহাৰ্য সকলোবোৰ সামগ্ৰী তেওলোকে ঘৰতে কাঠ, বাঁহ, বেত, কুহিলাৰে নিৰ্মান কৰি এক সুন্দৰ ৰূপ দিয়া পৰিলক্ষিত হৈছে।

যি সময়ত যুৱ প্ৰজন্মৰ মাজত উশৃংখলতাই দেখা দিছে সেই সময়তে এই যুৱকৰ দলটিয়ে মুখাশিল্পৰ সৈতে জড়িত হৈ পৰিছে। ৰাসৰ ব্যৱহাৰ্য অঘাসুৰ, বকাসুৰ, বৃন্দাবনত ব্যবহৃত সকলো সামগ্ৰীৰ লগতে সুন্দৰ ময়ুৰ চৰাইৰ পৰা আৰম্ভ কৰি শংখচূড়ৰ প্ৰৱেশৰ বিশেষ কাৰুকাৰ্য তেওলোকে দিনে ৰাতিয়ে নিৰ্মান কৰি আহিছে।

সমাগত ৰাস মহোৎসৱত তেওঁলোকে সেই মুখাশিল্পৰ প্ৰদৰ্শনৰ বাবে বৰ্তমান সম্পূৰ্ণ সাজু হৈ উঠিছে। বৰ্তমান যান্ত্ৰিকতাৰ যুগত এই যুৱক কেইজনৰ এই মুখাশিল্পৰ কাৰ্য্যক সচেতন মহলে ভূয়ষী প্ৰশংসা কৰিছে। দেৱব্ৰত বৰাৰ লগতে ৰাজদীপ কৌণ্ডিল্য,কল্পেন্দু বৰা,সাৰঙ্গ বৰা,পংকজ বৰা,বিকি বৰা,মানস নাথ,শিৱান কাকতি,গুনমনি নাথ,ধীৰাজ বৰাই এই মুখাশিল্প কামত সহযোগিতা আগবঢ়াইছে।সমাগত ৰাস মহোৎসৱৰ পৰিচালনা সমিতিৰ পৰা যুৱককেইজনে সহাঁৰি কামনা কৰিছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in