নগাঁৱৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক, ৰাজ্যিক বাস্কেটবল খেলুৱৈ পুতু দাসৰ মৃত্যু

নগাঁৱৰ পুতু দাসৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক, ৰাজ্যিক বাস্কেটবল খেলুৱৈ পুতু দাসৰ মৃত্যু

ডিজিটেল সংবাদ,নগাঁও: নগাঁৱৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক, নগাওঁ ক্ৰীড়া সংস্থাৰ বাস্কেটবল শাখাৰ প্ৰাক্তন সম্পাদক, প্ৰাক্তন ৰাজ্যিক খেলুৱৈ, ক্ৰীড়া সংগঠক তথা ভাৰতীয় খাদ্য নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পুতু দাস(৬৪)ৰ বৃহস্পতি বাৰে পুৱা নগাঁও চহৰৰ আমোলাপট্টিৰ নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। বাস্কেটবলৰ প্ৰশিক্ষকৰূপেও তেওঁ একালত নগাঁৱৰ পৰা বহুকেইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ প্ৰতিভা বিকাশত অৰিহনা আগবঢ়াই সফলতা আৰু জনপ্ৰিয়তা অৰ্জন কৰিছিল।

নগাঁও ক্ৰীড়া সংস্থাৰ নুৰুল আমিন ষ্টেডিয়ামলৈ প্ৰাক্তন ক্ৰীড়াবিদগৰাকীৰ নশ্বৰ দেহ আনি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তেওঁৰ বিয়োগত নগাঁও ক্ৰীড়া সংস্থাৰ কাৰ্যবাহী সভাপতি তথা বিধায়ক ৰূপক শৰ্মাৰ লগতে উপ সভাপতি জীৱনমল চূড়াণা আৰু সাধাৰণ সম্পাদক প্লাৱন বৰুৱাকে ধৰি সমূহ বিষয়ববীয়া তথা সদস্যই গভীৰ শোকপ্ৰকাশৰে শ্ৰদ্ধা নিবেদন কৰে।

ইয়াৰোপৰি পুতু দাসৰ বিয়োগত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষৰ লগতে বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰদীপ কুমাৰ হাজৰিকা, আমিনুল ইছলাম বক্মী, ৰমেশ আগৰৱালা, অমিতাভ বৰা, ভবেন শইকীয়া, নলীন শৰ্মা, ভূৱন শৰ্মা, আলমাছ উদ্দিন আহমেদ হাজৰিকা, প্ৰমোদ কোঠাৰী, অসীম ভাৱাল, সমীৰ হাজৰিকা, মৃণাল কুমাৰ হাজৰিকা, দেৱজিত দাস, নাচিৰউদ্দিন আহমেদ, মোহন চন্দ্ৰ বৰা আদিয়েও গভীৰ শোকপ্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ ইহ-সংসাৰত পত্নী আৰু এজনী কন্যা সহ বহু আত্মীয়-স্বজন তথা গুণমুগ্ধক ইহ-সংসাৰত এৰি থৈ যায়।

nagaon assam