নগাঁৱত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধ…

নগাঁৱত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধ…

author-image
asomiyapratidin
New Update
নগাঁৱত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধ…

ডিজিটেল সংবাদ, নগাঁও: নগাঁৱত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধ। নগাঁৱৰ ৰাজপথত সংঘটিত হৈছে এই ঘটনা।নগাঁও জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ ওচৰত হৈছে এই ঘটনা।

প্ৰতিবাদকাৰীক ৰাজপথত চোচৰাই নিলে আৰক্ষীয়ে। কমিউনিষ্ট পাৰ্টি(এম) ৰ নগাঁও জিলা সমিতিয়ে বুধবাৰে হাতত লৈছিল প্ৰতিবাদী কাৰ্যসূচী।

সংগঠনটোয়ে বিভিন্ন দাৱীৰে উপায়ুক্তৰ ওচৰত প্ৰদান কৰিবলৈ আহিছিল স্মাৰক পত্ৰ আৰু তেতিয়াই আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হয় খণ্ডযুদ্ধ। বান, গৰাখহনীয়াই ক্ষতিগ্ৰস্ত কৰা সকলক ক্ষতিপূৰন আৰু পুনৰ সংস্থাপনৰ দাবীত হাতত লৈছিল এই প্ৰতিবাদী কাৰ্যসূচী।

আৰু পঢ়ক; ডিব্ৰুগড়ত ভয়ংকৰ হত্যাকাণ্ড, পত্নীৰ দাৰ ঘাপত প্ৰাণ গ'ল স্বামীৰ…

nagaon assam protest