/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/b646aecf-6e80-44d9-8daa-b8c9ea369085/nagaon.jpg)
nagaon protest
ডিজিটেল সংবাদ, নগাঁও : নিৰ্মাণ শ্ৰমিক সকলক চৰকাৰে কৰি অহা বঞ্চনাৰ বিৰুদ্ধে শনিবাৰে নগাঁৱত গৰজি উঠিল নিৰ্মাণ শ্ৰমিক। সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ নগাঁও জিলা সমিতিৰ উদ্যোগত নগাঁৱৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত শ্ৰমিক সকলে বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰি চৰকাৰী বঞ্চনাৰ অৱসান ঘটাবলৈ চৰকাৰক দাবী জনায়।
শ্ৰমিক সকলে শ্ৰমিক ঐক্য জিন্দাবাদ, শ্ৰমিকক কৰা প্ৰৱঞ্চনা বন্ধ কৰক, অসম চৰকাৰ হায় হায় আদি বিভিন্ন ধ্বনি দি সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে।
কাৰ্য্যসূচীৰ অন্তত ইউনিয়নৰ নগাঁও জিলা সমিতিৰ সভাপতি ৰফিক ফৰাজি আৰু সম্পাদক সোমেশ্বৰ দাস স্বাক্ষৰিত এখন স্মাৰক পত্ৰ অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ সদস্য সচিবলৈ প্ৰেৰণ কৰে।
ইউনিয়নে পঞ্জীয়ন ভুক্ত শ্ৰমিক সকলৰ বাবে অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদে গ্ৰহণ কৰা আঁচনি অনুসৰি নিৰ্মাণ শ্ৰমিক সকলক দিব লগা অনুদান শীঘ্ৰেই আদায় দিয়া আৰু ২০২০ চনৰ পৰা নিৰ্মাণ শ্ৰমিক সকলৰ বাবে যুগুত কৰা স্বাস্থ্য পৰীক্ষাৰ ধন মুকলি কৰাৰ দাবী জনায়।