বিভিন্ন দাবীৰে নগাঁৱত সদৌ অসম শ্ৰমিক সন্থাৰ প্ৰতিবাদ…

বিভিন্ন দাবীৰে নগাঁৱত সদৌ অসম শ্ৰমিক সন্থাৰ প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
বিভিন্ন দাবীৰে নগাঁৱত সদৌ অসম শ্ৰমিক সন্থাৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ ,নগাঁও : নগাঁও চহৰত সদৌ অসম গ্ৰামীন শ্ৰমিক সন্থাৰ প্ৰতিবাদ ৷ এই প্ৰতিবাদ কাৰ্যসূচীত অংশ লয় মাইক্ৰ'ফাইনেঞ্চ শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চই ৷

গ্ৰামীন শ্ৰমিক সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত অনুস্থিতিত প্ৰতিবাদত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীয়ে সমদল কৰি গৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মখত ধৰ্ণা দিয়ে ৷

ডিজেল ,পেট্ৰ'ল ,বিদ্যুতৰ মাচুলকে ধৰি সকলো দ্ৰব্যৰ মূল্য ৰোধ কৰা , মাইক্ৰ'ফাইনেঞ্চৰ ঋণমুক্তিৰ চৰকাৰী প পত্ৰ ঋণ গ্ৰস্ত মহিলাৰ মাজত তৎকালে বিতৰন কৰা , মাইক্ৰ'ফাইনেঞ্চ কোম্পানী সমূহে আইনী জাননী মহিলালৈ প্ৰেৰণ কৰা কাৰ্য বন্ধ কৰা , ২৫ হাজাৰকৈ ঋণ আদায় দিয়া সকলো মহিলাক সমভাবে উদগনিমূলক টকা প্ৰদান কৰা , মাইক্ৰ'ফাইনেঞ্চৰ এজেন্টে কিস্তি আদায়ৰ নামত মহিলাসকলৰ ঘৰে ঘৰে গৈ মানসিক হাৰাশাস্তি বন্ধ কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে

অৰূপ কুমাৰ মহন্তৰ নেতৃত্ব বহন কৰা প্ৰতিবাদকাৰীয়ে জিলা উপায়ুক্তক এখনি স্মাৰক পত্ৰও প্ৰদান কৰে ৷

আৰু পঢ়ক:বিশিষ্ট ফটো সাংবাদি অনুপম নাথে আনিছে সুখবৰ…

nagaon assam