তামিলনাডুৰ ঘটনাক লৈ নগাঁৱত বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদ…

তামিলনাডুৰ ঘটনাক লৈ নগাঁৱত বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
তামিলনাডুৰ ঘটনাক লৈ নগাঁৱত বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ,নগাঁও : অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নগাঁও নগৰ শাখাৰ প্ৰতিবাদ ৷ তামিলনাডুৰ ঘটনাক লৈ নগাঁও মহাবিদ্যালয়ৰ সমীপত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷

ধৰ্মান্তৰনক লৈ অমানৱীয় হেঁচাৰ ফলত আত্মহত্যা কৰিবলৈ বাধ্য হোৱা ছাত্রী লাৱণ্যক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ন্যায় প্ৰদান কৰাৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰে ৷

তামিলনাডুৰ চৰকাৰে অগণতান্ত্রিক ভাৱে আৱদ্ধ কৰি ৰখা বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা নিধি ত্ৰিপাঠীৰ লগতে ৩৩ জন কাৰ্য্যকৰ্তাক অতি সোনকালে মুকলি কৰি দিয়াৰ বাবেও দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে।

শনিবাৰে নিশাৰ কাৰ্যসূচীত উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ মিডিয়া সংযোজক মৃদুপৱন নাথ, ৰাজ্যিক কাৰ্যনিবাহক সদস্য মাধূৰ্য্য প্ৰতিম শইকীয়া, নগাঁও নগৰ শাখাৰ সম্পাদক ঋতুৰাজ দত্ত, পুৰণিগুদাম শাখাৰ সম্পাদক ত্ৰিদিপ ভূঞা, ননৈ শাখাৰ সম্পাদক পিকু বৰাৰ লগতে বিদ্যাৰ্থী পৰিষদ নগাঁও জিলাৰ বিভিন্ন শাখাৰ কাৰ্যকৰ্তা সকল।

nagaon assam protest