নগাঁৱত ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান অনুষ্ঠান

নগাঁৱত ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান অনুষ্ঠান

author-image
asomiyapratidin
New Update
নগাঁৱত ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান অনুষ্ঠান

ডিজিটেল সংবাদ নগাঁও : অসম আৰক্ষীৰ বাবে মঙলবাৰ দিনটো এক ঐতিহাসিক দিন ৷ অসম আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ পৰা লাভ কৰা ৰাষ্ট্ৰপতি নিচান সন্মান আনুষ্ঠানিক ভাবে প্ৰদান কৰে গৃহমন্ত্ৰী অমৃত শ্বাহে ৷ গুৱাহাটীত ৰাষ্ট্ৰপতি নিচান প্ৰদান অনুষ্ঠানটিৰ পোন পটীয়া সম্প্ৰচাৰন নগাঁও আৰক্ষী নিৱেশত বিশেষভাবে প্ৰৰ্দশনৰ ব্যৱস্থা কৰা হয়৷ আৰক্ষী নিবেশৰ সভাগৃহত নগাঁও আৰক্ষীৰ বিষয়া বৰ্গৰ সমন্বিতে নগাঁৱৰ বিভিন্ন লোকে পোনপটীয়া সম্প্ৰচাৰণ অনুষ্ঠানত উপস্থিত থাকে ৷

এই অনুষ্ঠানৰ পিছতে ৰাষ্ট্ৰপতি নিচান প্ৰদানৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি বিহুৰ অনুষ্ঠান অনুষ্ঠিত হয় ৷ আন্ত:থানা বিহুনৃত্য প্ৰতিযোগিতাত পোন্ধৰটাকৈ বিহু দলে অংশগ্ৰহণ কৰে ৷ বিহুৰ অনুষ্ঠানক লৈ এক উখল মাখল পৰিবেশৰ সৃষ্টি হয় ৷ প্ৰতিযোগিতাৰ অন্তত বিজয়ি দলক পুৰস্কাৰ প্ৰদান কৰা হয় ৷

অনুষ্ঠানটিত জেষ্ঠ নাগৰিকক সন্মানিত কৰা হয় ৷ মঙলবাৰৰ অনুষ্ঠানত আৰক্ষী অধীক্ষক লীনা দলে অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুব বৰা ডি এছ পি ত্ৰিদীপ কুম্বাং এছ ডি পিঅ' মৃন্ময় দাস আদি উপস্থিত থাকে ৷

আৰু পঢ়ক: অসমত 'আপ'ৰ জোৱাৰ; শতাধিকে কৰিলে যোগদান…

nagaon assam Assam police