ভয়াৱহ প্ৰদূষণ; ক’লা ধোৱাই ছানি ধৰিছে নগাঁৱৰ বৃহত্তৰ অঞ্চল

ভয়াৱহ প্ৰদূষণ; ক’লা ধোৱাই ছানি ধৰিছে নগাঁৱৰ বৃহত্তৰ অঞ্চল

author-image
asomiyapratidin
New Update
ভয়াৱহ প্ৰদূষণ; ক’লা ধোৱাই ছানি ধৰিছে নগাঁৱৰ  বৃহত্তৰ অঞ্চল

ডিজিটেল সংবাদ: পথ নিৰ্মাণকাৰী সংস্থাৰ ম‌ইমতালিৰ বাবে এতিয়া দুৰ্ভোগ ভুগিছে সাধাৰণ জনতাই। নগাঁও জিলাৰ পুৰণিগুদামৰ কাষৰিগাঁও, কলংপাৰ হালোৱাগাঁও আদি বৃহত্তৰ অঞ্চলৰ ৰাইজৰ জীৱন তথা জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে গুৰু-গোঁসাই নমনা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত নিয়োজিত পি.আৰ.এল কোম্পানীয়ে।

বিয়াগোম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড থকাৰ পাছতো ভয়াৱহ প্ৰদূষণে পুৰণিগুদামৰ বিভিন্ন অঞ্চল চানি ধৰিছে ।দিন ৰাতি একাকাৰ কৰি কোম্পানীটোৱে কাষৰিগাঁৱত ভয়াৱহ প্ৰদূষণ চলাই গৈছে যদিও আজি পৰ্যন্ত প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড আৰু নগাঁও জিলা প্ৰশাসনে কোম্পানীটোৰ ওপৰত কোনো বিশেষ ব্যৱস্থা গ্ৰহন কৰা নাই ।দিনে-নিশাই চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত নিয়োজিত কোম্পানী পি.আৰ.এলৰ আলকাতৰা গলোৱা এটা বৃহৎ যন্ত্ৰৰ পৰা অস্বাভাৱিক ভাৱে নিৰ্গত হোৱা ক'লা ধোঁৱায়ে এতিয়া বিপদত পেলাইছে অঞ্চলবাসী ৰাইজক ।

সকলো নীতি-নিয়ম ভৰিৰে মোহাৰি নিজ খেয়ালখুচি মতে পি.আৰ.এল. কোম্পানীয়ে দিনে-নিশাই কৰা এনে ভয়াবহ বায়ু প্ৰদূষণৰ কবলত পৰি শিশুৰ লগতে বহু বৃদ্ধ লোকো ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। কিন্তু ইমানৰ পাছতো ৰাইজৰ আবেদন-নিবেদন, প্ৰতিবাদ আদিৰ প্ৰতি আওকাণ কৰি কোম্পানী কতৃপক্ষই চলাই গৈছে ভয়াৱহ প্ৰদূষণ। উল্লেখ্য যে মইমতালিৰ চৰম সীমা অতিক্ৰম কৰা পি.আৰ.এল. কোম্পানীৰ বিৰুদ্ধে এতিয়া নগাঁও জিলা প্ৰশাসন আৰু প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে কি ব্যৱস্থা গ্ৰহন কৰে সেয়াহে লক্ষ্যণীয় হ'ব ।

nagaon