৪০০ কিলোগ্ৰাম গাঞ্জা সহ এজনক কৰায়ত্ব…

৪০০ কিলোগ্ৰাম গাঞ্জা সহ এজনক কৰায়ত্ব…

author-image
asomiyapratidin
New Update
৪০০ কিলোগ্ৰাম গাঞ্জা সহ এজনক কৰায়ত্ব…

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও চহৰত আৰক্ষীৰ গাঞ্জাৰ বিৰুদ্ধে বৃহৎ অভিযান ৷ এই অভিযান কালত আৰক্ষীয়ে উদ্ধাৰ কৰিছে বৃহৎ পৰিমানৰ গাঞ্জা ৷ উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ পৰিমান প্ৰায় ৪০০ কিলোগ্ৰাম ৷

Advertisment

গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে চহৰখনৰ চামাদাৰপট্টিৰ বি বি ৰোডৰ পৰা জব্দ কৰিছে গাঞ্জাখিনি ৷ বৃহৎ পৰিমানৰ গাঞ্জাখিনি চামাদৰপট্টিৰ হাচান আলী নামৰ লোকজনৰ ঘৰত লুকুৱাই থোৱা হৈছিল।

নগাঁও সদৰ থানাৰ বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্ব চলা অভিযানত হাচান আলীয়ে ঘৰত লুকুৱাই থোৱাৰ অৱস্থাত এই বৃহৎ পৰিমানৰ গাঞ্জাখিনি উদ্ধাৰ হয় ৷ বাসগৃহৰ চালৰ তলত , শৌচাগাৰত লুকুৱাই থোৱা আছিল গাঞ্জা খিনি ৷ পোন্ধৰ দিন পূৰ্বে ডিমাপুৰৰ পৰা টাটা মবাইলেৰে গাঞ্জাখিনি হাচানে নগাঁৱলৈ আনিছিল ৷ আৰক্ষীৰ সুত্ৰ মতে উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ মূল্য প্ৰায় ২৫ লাখ টকা ৷

আৰু পঢ়কঃ পুলৱামাত পশ্চিম বংগৰ শ্ৰমিকৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা…

nagaon police assam Assam police