নগাঁৱৰ ৰহাৰ ৰাজপথত আৰক্ষীৰ গুলীবৰ্ষণ

নগাঁৱৰ ৰহাৰ ৰাজপথত আৰক্ষীৰ গুলীবৰ্ষণ

author-image
asomiyapratidin
New Update
নগাঁৱৰ ৰহাৰ ৰাজপথত আৰক্ষীৰ গুলীবৰ্ষণ

ডিজিটেল সংবাদ , নগাঁও : বাৰঘন্টাত নগাঁৱত দুটিকৈ গুলীচালনাৰ ঘটনা ৷ বুধবাৰে শেষ নিশা এজন শিশু ধৰ্ষণ কাৰীক গুলী চলোৱাৰ পিছত বৃহস্পতি বাৰে আৰক্ষীয়ে গুলী চলালে জাল নোট প্ৰস্ততকাৰীৰ ওপৰত ৷ দুয়োটা ঘটনাত দুজনকৈ অভিযুক্ত আৰক্ষীৰ হাতত গুলীবিদ্ধ হয় ৷

বৃহস্পতিবাৰে দিনত গুলী চালনাৰ ঘটনাটো হয় ৰহাত ৷ প্ৰায় পঞ্চাশ লাখ নকল টকা সহ দুটা সৰবৰাহকাৰী আৰক্ষীয়ে আটক কৰে ।ইয়াৰ মাজৰ পৰা এজনে পলাবলৈ সক্ষম হয়।

গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত নগাঁও জিলাৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক দিপ্তী মালীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ৰাষ্ট্ৰীয় ঘাই পথত নকল টকা সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলায়। তিনি সৰবৰাহকাৰীয়ে এ এচ ০২ এ জি ৪৩৭৯ নম্বৰৰ এল্ট' কাৰেৰে নকল টকা লৈ নগাঁৱৰপৰা জাগীৰোড অভিমূখে গৈ থকা অৱস্থাত ৰহা গৰমাৰীত আৰক্ষীয়ে আগচি ধৰে।

সৰবৰাহকাৰীকেইটাই আৰক্ষীক খুন্দিয়াই পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে শূন্যলৈ কেইবা জাঁই গুলী চলায়। ইয়াৰ মাজতে বাবুল আলি নামৰ এজনৰ সোঁভৰিৰ আঙুলিত গুলী লাগে ৷ ইপিনে আৰক্ষীৰ গুলী গৈ ৰাষ্ট্ৰীয় পথেৰে আহি থকা এখন এম্বুলেনঞ্চত লগাত কথমপি এম্বুলেঞ্চত থকা লোকসকল ৰক্ষা পৰে।ইফালে জাল নোট সৰবৰাহকাৰীৰ গাড়ীৰ খুন্দাত এজন আৰক্ষী আহত হোৱাৰ খবৰ পোৱা গৈছে ।

আৰু পঢ়ক: শিক্ষানগৰী পাঠশালাত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ অসমীয়া বোলছবি 'গংগা'ৰ শুভ মুক্তিৰ প্রচাৰ

nagaon assam Assam police