/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/WhatsApp-Image-2022-07-04-at-1.21.46-PM-1.jpeg)
ডিজিটেল সংবাদ,নগাঁও: আৰক্ষীৰ এজন কনিষ্টবলৰ ধন দাবীৰ ঘটনাই তোলপাৰ লগাইছে নগাঁৱত ৷ ধন দাবীৰ অডিঅ' এটি ভাইৰেল হৈ পৰাৰ পিছত আৰক্ষী থানা সমূহত প্ৰকৃততে কি চলি আছে তাৰ নগ্ন ৰূপটো ওলাই পৰিছে ৷
এজন অভিয়ুক্তক আৰক্ষী অধীক্ষকৰ নামত কনিষ্টবলে ধন দাবী কৰাই নহয় আত্মহত্যা কৰিবলৈ উদগনি যোগোৱাৰ ঘটনাও সংঘটিত হৈছে ৷ ৰুজু হোৱা গোচৰ নাইকীয়া কৰিবলৈ ধন বিচাৰি ফোন কৰা এই ঘটনা সংঘটিত হৈছে নগাঁও টাউন আৰক্ষী চকীত ৷ ভাইৰেল হোৱা অডিঅ'টো আৰক্ষী চকীৰ কনিষ্টবল জনৈক লস্কৰ বুলি অভিযোগ উঠিছে ৷ স্থানীয় এজন যুৱকৰ বিৰুদ্ধে অপহৰন আৰু যৌন নিৰ্যাতনৰ অভিযোগ উঠিছিল ৷ সেই অভিযোগ ইটাচালি আহি পোৱাত কনিষ্টবল জনে ধন বিচাৰি ফোন কৰে অভিয়ুক্ত যুৱকজনক ৷
অভিযুক্ত যুৱকজনক কনিষ্টবল লস্কৰে ফোনত কয় যে এছ পি বাইদেউয়ে গ্ৰেপ্তাৰ কৰিবলৈ কৈছে ৷ ৰেপ কেছটো কেছ নাইকীয়া কৰি দিম ৷ পইছা অলপ বেছিকৈ লাগিব ৷ থানালৈ তুমি আহি যোৱা ৷
কনিষ্টবল জনৰ কথাত যুৱকজন আগবাঢ়ি নোযোৱাত টেলিফোনত পুনৰ কনিষ্টবলজনে ভাবুকি দিয়ে এই বুলি যে প্ৰমান হ'লে সাত বছৰ জেল হ'ব ৷ মেডিকেল ৰিপৰ্টত প্ৰমান হৈছে ৷ এতিয়া বহু টকাৰ মামলা আহি গ'ল ৷ কেছটো ডিচমিচ কৰিব পৰা যাব ৷ চাৰৰ লগত কথা পাতিলে কিবা এটা কৰিব পৰা যাব ৷
কনিষ্টবল জনে দাবী কৰা ধন দিবলৈ অসমৰ্থ যুবকজনে আত্মহত্যা কৰাৰ বাহিৰে বেলেগ পথ নাই বুলি জনোৱাত আৰক্ষী কনিষ্টবল জনে আত্মহত্যাৰ বাবে উদগনি যোগাই কয় যে সেইটোৰ বাহিৰে আৰু কি আছে ৷
প্ৰেম জনিত সংঘাটৰ পৰণতিত বিষয়টো আৰক্ষীৰ ওচৰ আহি পোৱাৰ পিছত কনিষ্টবল এজনে গোচৰ নাইকীয়া কৰিবলৈ ধন দাবী কৰাৰ ঘটনাৰ সন্দৰ্ভত নগাঁও আৰক্ষীৰ শীৰ্ষ বিষয়াই কেনে পদক্ষেপ লয় সেয়া লক্ষ্যনীয় হ'ব ৷
আৰু পঢ়ক: "মহাৰাষ্ট্ৰত বিজেপি আৰু শিৱসেনাৰ চৰকাৰ" অৱসান মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ