চুৰি মোবাইল সহ দুজনক গ্ৰেপ্তাৰ…

চুৰি মোবাইল সহ দুজনক গ্ৰেপ্তাৰ…

author-image
asomiyapratidin
New Update
চুৰি মোবাইল সহ দুজনক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ , নগাঁও : শেহতীয়াভাৱে নগাঁও আৰক্ষীয়ে বিভিন্ন অপৰাধ জনিত ঘটনাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে লীনা দলেই যোগদান কৰাৰ পিছৰে পৰা এই অভিযান অধিক তীব্ৰ হৈছে।

Advertisment

আৰক্ষীয়ে শুকুৰবাৰে নিশা নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ৰাজবংশীৰ আৰু হয়বৰগাঁও টাউন আৰক্ষী চকীৰ বিষয়া তৰঙ্গ পাটোৱাৰী নেতৃত্বত আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি ১৬টা চুৰি মোবাইল হেণ্ডছেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়

।আৰক্ষীয়ে এই সন্দৰ্ভত জিলা খনৰ বটদ্ৰৱা বৰিবজাৰৰ নাজিৰ হুছেইন আৰু জুৰীয়া ফাকলী পথাৰৰ মকচিদুল ৰহমানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে অধিক তথ্য উদঘাটনৰ বাবে দুয়োকে জেৰা অব্যাহত ৰাখিছে ৷

আৰু পঢ়ক: ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত সাংবাদিক…

assam nagaon theft