নগাঁৱৰ শিমলুগুৰিৰ কৃষি বিজ্ঞান কেন্দ্ৰত বৃহৎ পৰিসৰত বৃক্ষ ৰোপণ কাৰ্যসূচী…

নগাঁৱৰ শিমলুগুৰিৰ কৃষি বিজ্ঞান কেন্দ্ৰত বৃহৎ পৰিসৰত বৃক্ষ ৰোপণ কাৰ্যসূচী…

author-image
asomiyapratidin
New Update
নগাঁৱৰ শিমলুগুৰিৰ কৃষি বিজ্ঞান কেন্দ্ৰত বৃহৎ পৰিসৰত বৃক্ষ ৰোপণ কাৰ্যসূচী…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ দ্বাৰা ৰাজ্যজুৰি আৰম্ভ কৰা 'মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্প'ৰ লগত সংগতি ৰাখি নগাঁৱৰ শিমলুগুৰিৰ কৃষি বিজ্ঞান কেন্দ্ৰত যোৱা ১৮ জুলাইৰ পৰা বৃক্ষৰোপণ কাৰ্যসূচী চলি আছে।

অধিক সেউজ আৱৰণেৰে প্ৰাতিষ্ঠানিক চৌহদৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে আৰম্ভ কৰা এই কাৰ্যসূচী কেন্দ্ৰটিত বৃহৎ পৰিসৰত অনুষ্ঠিত হয়। বৃক্ষৰোপণ কাৰ্যসূচীত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাই এটি থলুৱা প্ৰজাতিৰ আমগছ পুলি ৰোপণ কৰি "এই প্ৰকল্পৰ মূল উদ্দেশ্য হ'ল কাৰ্বন ভাণ্ডাৰ বৃদ্ধি কৰা, ঔষধি আৰু ফলমূলৰ উদ্ভিদকে ধৰি গুৰুত্বপূৰ্ণ থলুৱা উদ্ভিদ প্ৰজাতিৰ সংৰক্ষণ, প্ৰাতিষ্ঠানিক চৌহদৰ সেউজ সৌন্দৰ্য বৃদ্ধি, জলবায়ু পৰিৱৰ্তন প্ৰশমনত সামূহিক অংশগ্ৰহণৰ বাবে সজাগতা সৃষ্টি কৰা, পৰিৱেশ সংৰক্ষণৰ যোগেদি জীৱনৰ সৌন্দৰ্য বৃদ্ধি কৰা আৰু চৌপাশত নিৰ্মল বায়ু লাভ কৰা" বুলি মন্তব্য প্ৰদান কৰে।

কেন্দ্ৰটিৰ ভূমি বিজ্ঞানী দিপেন চন্দ্ৰ নাথে আঁত ধৰা আজি অনুষ্ঠানটিত নিমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ মূখ্য বিজ্ঞানী ড০ অমল চন্দ্ৰ শৰ্মায়ো গছপুলি ৰোপণ কৰি "গুৰুত্বপূৰ্ণ থলুৱা উদ্ভিদ প্ৰজাতিৰ সংৰক্ষণ কৰাৰ লক্ষ্যেৰে অনুষ্ঠিত এই কাৰ্যসূচীয়ে পৰিৱেশত ব্যপক প্ৰভাৱ বিস্তাৰ কৰিব" বুলি প্ৰকাশ কৰে। বৃক্ষৰোপণ অনুষ্ঠানটিত ড০ অনিমেশ ডেকা, জুলি শৰ্মা, ড০ বন্তি গগৈ, ড০ আছফিকা ইছলামকে আদি কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ বিশেষজ্ঞ-বিজ্ঞানী, কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে।

আৰু পঢ়ক: আই পি এছ বিষয়া অমিতাভ ৰঞ্জনক আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি…

batadrava assam