‘গান্ধী পৰিয়ালক বাদ দি কংগ্ৰেছে একো কৰিব নোৱাৰে’ – মন্ত্ৰী পিযুষ হাজৰিকা…

‘গান্ধী পৰিয়ালক বাদ দি কংগ্ৰেছে একো কৰিব নোৱাৰে’ – মন্ত্ৰী পিযুষ হাজৰিকা…

author-image
asomiyapratidin
New Update
‘গান্ধী পৰিয়ালক বাদ দি কংগ্ৰেছে একো কৰিব নোৱাৰে’ – মন্ত্ৰী পিযুষ হাজৰিকা…

ডিজিটেল সংবাদ, নগাঁও : গোলামীৰ পৰা কংগ্ৰেছক মুক্ত হ'বলৈ আহ্বান জনালে জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই ৷ নগাঁৱত মন্ত্ৰী হাজৰিকাই কয় যে 'নেহৰু গান্ধী পৰিয়ালক বাদ দি কংগ্ৰেছে একো কৰিব নোৱাৰে ৷ এটা পৰিয়ালৰ ৰাজতন্ত্ৰ ৷ তেওঁলোক তাৰ গোলাম ৷ তাৰ পৰা তেওঁলোক মুক্ত হওঁক ৷' প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আক্ৰমন কৰি মন্ত্ৰী হাজৰিকাই কয় যে 'ভূপেন বৰাই আবোল তাবোল বকি থাকিলে তাৰ উত্তৰ আমি নিদিও ৷ বিজেপি হাত সাবতি বহি নাথাকে ৷ তেওঁলোকক এটাও নিৰ্বাচনত জিকিবলৈ নিদিও ৷'

সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পিয়ুষ হাজৰিকাই আৰ এছ এছয়ে স্বাধীনতাৰ আগতেও পতাকাক সন্মান কৰি আহিছিল, স্বাধীনতাৰ পিছটো সন্মান কৰি আছে আৰু ভবিষ্যতেও সন্মান কৰি যাব বুলি মন্তব্য কৰি কয় যে 'কংগ্ৰেছে নেহৰুৰ ফটোৰ পৰিবৰ্তে মহামানব মহাত্মা গান্ধীৰ ফটো লগোৱা নাই কিয় ? নেহৰু গান্ধী পৰিয়ালক বাদ দি কংগ্ৰেছে একো কৰিব নোৱাৰে ৷ একো চিন্তা কৰিব নোৱাৰে ৷ এটা পৰিয়ালে শাসন কৰিব নেকি ? এটা পৰিয়ালে বাকী বিলাকক শাসন কৰিব সেই কথা ভাৰতবৰ্ষই মানি ল'ব নোৱাৰে ৷'

নগাঁৱত ড্ৰাগছৰ প্ৰচলনৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে 'অসমৰ লগতে নগাঁৱত ড্ৰাগছ মুক্ত হ'ব লাগিব ৷ নগাঁৱত ড্ৰাগছৰ লগত কোন জড়িত সেই কথা সকলোয়ে জানে ৷' প্ৰশাসনক কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়াৰ লগতে সমগ্ৰ বিষয়টো মন্ত্ৰীজনে কঠোৰ ভাবে পৰ্যবেক্ষন কৰি থকা বুলিও কয় ৷

ৰাজ্যিক এইডচ নিয়ন্ত্ৰণ সমিতি আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও জিলা পুথিভড়ালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যুৱ দিবসৰ কাৰ্যসূচীত জলসম্পদ মন্ত্ৰীজনে অংশগ্ৰহণ কৰে ৷ লগতে মুখ্য অতিথি হিচাপে উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ সভাখনিত বিধায়ক ৰূপক শৰ্মা , উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ সাহ , এইডচ নিয়ন্ত্ৰণ সমিতিৰ প্ৰকল্প সঞ্চালিকা পমি বৰুৱা, এন এইচ এমৰ কাৰ্যবাহী সঞ্চালক ড° মনোজ চৌধুৰী উপস্থিত থাকে ৷

আৰু পঢ়ক : সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত মৈৰাবাৰী আঞ্চলিক জেষ্ঠ নাগৰিক মঞ্চৰ সংবাদ মেল…

nagaon bjp assam himanta biswa sarma Assam police