নগাঁৱত ৭৬ সংখ্যক স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই…

নগাঁৱত ৭৬ সংখ্যক স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই…

author-image
asomiyapratidin
New Update
নগাঁৱত ৭৬ সংখ্যক স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই…

ডিজিটেল সংবাদ, নগাঁও: সমগ্ৰ ৰাষ্ট্ৰৰ লগতে সোমবাৰে নগাঁৱতো দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস ব্যাপক উলহ-মালহেৰে উদযাপন কৰা হয়। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত চহৰখনৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন জনসংযোগ আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই।

Advertisment

জিলাখনৰ বিশিষ্ট ব্যক্তি, মুক্তি যুঁজাৰু, মুক্তি যুঁজাৰুৰ পৰিয়ালবৰ্গকে আদি কৰি কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত মন্ত্ৰী পিয়ুষ হাজৰিকাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাইজৰ উদ্দেশ্যে দিয়া ভাষণৰ প্ৰাৰম্ভতে দেশৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদ সকলৰ চৰম ত্যাগ আৰু মুক্তি যুঁজাৰু সকলৰ দেশপ্ৰেমক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। মন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত শেহতীয়াকৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত দেশজুৰি উদযাপন কৰা স্বাধীনতাৰ অমৃত মহোৎসৱৰ হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক কাৰ্যসূচীত সৰ্বস্তৰৰ ৰাইজৰ সঁহাৰি আৰু সহযোগিতাৰ বাবে ৰাইজক কৃৰ্তজ্ঞতা জ্ঞাপন কৰে।

কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনহিতকৰ উন্নয়ণ মূলক আচঁনি সমূহৰো এক খতিয়ান দাঙি ধৰে। মন্ত্ৰী হাজৰিকাই কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, স্কাউট এণ্ড গাইড, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী সকলৰ কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে। এই অনুষ্ঠানৰ পাছতে বিভিন্ন সাংস্কৃতিক দল সমূহে বিভিন্ন অনুষ্ঠান পৰিবেশন কৰাৰ লগতে চৰকাৰী বিভাগ সমূহে নিজৰ নিজৰ আঁচনি সমূহৰ প্ৰদৰ্শন কৰে।

আৰু পঢ়ক : সবকা সাথ, সবকা বিকাশ নীতিৰে ৰাইজৰ সহযোগত আগুৱাই গৈছে চৰকাৰঃ ৰণোজ পেগু…

assam nagaon pijush hazarika bjp