/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/aa35a01b-8d67-4cde-81c8-441b5efa9dad/krikhakh_bidruh.jpg)
phoolguri dhewa
ডিজিটেল ডেস্ক : ১৮৬১ চনৰ ১৮ অক্টোবৰ দিনটোতে নগাঁৱৰ কলং নৈৰ পাৰৰ ফুলগুৰিত কৃষকৰ বিদ্ৰোহ সংঘটিত হৈছিল। সেই সময়ত শাসনত আছিল ইংৰাজ। ইংৰাজৰ শাসনত শোষিত হৈ অসমৰ কৃষক সকলে বিদ্ৰোহ কৰিছিল।
উল্লেখ্য যে ১৮৬১ চনত ব্ৰিটিছ চৰকাৰে আফু খেতি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত সমগ্ৰ তিৱা জাতিৰ লোকসকল অতিশয় অসন্তুষ্ট হৈ পৰিছিল। কিয়নো চৰকাৰী কানি প্ৰচলন বন্ধ কৰা হোৱা নাছিল। তদুপৰি তামোল পাণৰ ওপৰতো কৰ লগাব বুলি বাতৰি প্ৰকাশ পাইছিল। আৰু তেতিয়াই পাতনি মেলিছিল কৃষক বিদ্ৰোহৰ।
ইংৰাজ আৰু চিপাহীবোৰে তেতিয়া বিদ্ৰোহক ধাৱা বুলি অভিহিত কৰিছিল আৰু সেই ধাৱা অপভ্ৰংশ ৰূপত প্ৰচলিত হ’ল ধেৱা ৰূপে। সেয়েহে এই বিদ্ৰোহক ফুলগুৰি ধেৱা বুলি অভিহিত কৰা হয়।
আৰু সেই বিদ্ৰোহত কেইবাজনো কৃষকে ব্ৰিটিছৰ অত্যাচাৰত প্ৰাণ আহুতি দিবলগীয়া হৈছিল। আজি কৃষক বিদ্ৰোহত প্ৰাণ আহুতি দিয়া সেই ছহীদসকলক ভগীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও সেই প্ৰতিগৰাকী ছহীদক হৃদয়ৰ নিভৃত কোণৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আৰু এই কথা টুইটযোগে ব্যক্ত কৰে।