/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/kljsdljs.jpg)
ডিজিটেল সংবাদ, নগাঁও: নগাঁও কাগজ কলৰ আৰু এজন নিষ্ঠাবান শ্ৰমিক, দেওঁশাল নিবাসী কলিমন বছুমতাৰীৰ ৬ জুনত হৃদ ৰোগত আক্ৰান্ত হৈ আবেলি ৪ মান বজাত নিজা ঘৰত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৮ বছৰ। মৃত্যুৰ সময়ত সহধৰ্মিনী দুজন ল'ৰা আৰু দুজনী ছোৱালী ইহ সংসাৰত এৰি থৈ যায়।
অতি পৰিতাপৰ কথা যে,- ভাৰত চৰকাৰৰ নিজা প্ৰতিষ্ঠান কাগজ কলত দৰমহা নোপোৱাৰ বাবে আৰ্থিক সংকটত ভুগি এনেকৈ এটাৰ পিচত আনটো মৃত্যু হব লগীয়া হৈছে।
উল্লেখ্য যে, কলিমন বছুমতাৰী য়ে দীৰ্ঘদিন ধৰি হৃদ ৰোগত ভুগি আছিল। ৬৪ মাহ ধৰি দৰমহা নোপোৱাৰ ফলত তেখেতে উপযোক্ত চিকিৎসাৰ অভাৱত আজি ঘৰতে মৃত্যু হব লগা হ'ল।
বৰ্তমানৰ শ্ৰমিক-কৰ্মচাৰী খিনিও সাংঘাটিক দুৰ্যোগৰ মাজেৰে জীৱন নিৰ্বাহ কৰিব লগীয়া হৈছ, কাৰণ ভাৰত চৰকাৰে ৬৪ মাহৰ দৰমহা আজি পৰ্যন্ত দিয়াৰ ব্যৱস্থা কৰা নাই। অন্যহাতেদি অসম চৰকাৰেও সম্পাদিত ত্ৰান চুক্তি মতে এতিয়ালৈকে কোনো ধৰনৰ ৰিলিফ মোকলাযই দিয়া নাই।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসন ভাৰ লোৱাৰ পিছত এতিয়ালৈকে ২০ জন শ্ৰমিক-কৰ্মচাৰীৰ কাগজ কলত মৃত্যু হৈছে। বৰ্তমান কাগজ কল মৃত্যু উপত্তকাত পৰিনত হৈছে।
আৰু পঢ়ক: ১ মিনিটত ২৫ খবৰ…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us