/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/panssioon.jpg)
ডিজিটেল সংবাদ, নগাঁও : চৰকাৰী নিৰ্দেশ অৱমাননা ৷ এটি দুটি বছৰ নহয় সুদীৰ্ঘ ২১ বছৰে অবমাননা কৰা হৈছে চৰকাৰী নিৰ্দেশ ৷ চৰকাৰী চাকৰিয়ালৰ পেঞ্চনৰ কাম সুদীৰ্ঘ ২১ বছৰে সম্পূৰ্ণ নকৰা এক অমানবীয় ঘটনা ঘটিছে নগাঁৱত ৷ অৱসৰৰ লগে লগে পেঞ্চন প্ৰদানৰ ঘোষণা নগাঁৱত অসাৰ প্ৰতিপন্ন হৈছে মামনি পাটৰ নামৰ মহিলাগৰাকীৰ ক্ষেত্ৰত ৷
মামনি পাটৰৰ স্বামী দেবকান্ত পাটৰে চাকৰি কৰিছিল নগাঁৱৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত ৷ কৰ্মৰত অৱস্থাত দেবকান্ত পাটৰৰ মৃত্যু হৈছিল ৷ দুৰ্ঘটনাত মৃত্যুক সাৱতি লৈছিল পাটৰে ৷ কৰ্মৰত অৱস্থাত মৃত্যুক সাৱতি লোৱাৰ পিছত নীতিগত ভাবে পেঞ্চন পাব লাগে পত্নী মামনি পাটৰে ৷ নগাঁও জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ কাৰ্যবাহী বিষয়া, গাননিক বিষয়া আৰু কৰ্তব্যৰত সহায়কে ৰহস্যজনক ভাবে বিগতে ২১ বছৰে প্ৰয়াত পাটৰৰ পেঞ্চনৰ যাবতীয় কাম সঠিক ভাবে নকৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷
জানিব পৰা মতে চৰকাৰী বিভাগটোয়ে কৰ্তব্যৰত অৱস্থাত মৃত্যুক সাবতি লোৱা দেবকান্ত পাটৰৰ পেঞ্চনৰ যাবতীয় নথি পত্ৰ ২১ বছৰে অসম্পূৰ্ণ ভাবে দিছপুৰলৈ প্ৰেৰণ কৰি আহিছে ৷ বিশেষকৈ পেঞ্চনৰ নথিত পাটৰৰ চাৰ্ভিচ বুকখনি প্ৰেৰণ নকৰে ৷ ফলত দিছপুৰৰ পৰা পেঞ্চনৰ নথি সমূহ নগাঁৱৰ কাৰ্যালয়লৈ ঘূৰি আহে ৷ নগাঁৱৰ ম'হখুলিত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰীৰ অকমন্যতাৰ বাবে ২১ বছৰে বিধবা মামনি পাটৰে জীয়াতু ভূগিব লগাত পৰিছে ৷
বৰ্তমান অসহায় ফুলগুৰিৰ মামনি পাটৰ ৷ আশ্ৰয় ল'বলৈ এটি ঘৰৰো অভাব মামনি পাটৰে আনৰ খেতি পথাৰত কাম কৰি দিন পাৰ কৰিব লগা হৈছে ৷ আশ্ৰয় লৈছে বিবাহিতা কন্যাৰ ঘৰত ৷ অসহায় মামনি পাটৰে বিচাৰিছে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ ৷ যিসকল বিষয়া-কৰ্মচাৰীৰ অমানবীয় কামৰ বাবে ২১ বছৰে পেঞ্চন লাভৰ পৰা বঞ্চিত হৈ ৰ'ল সেই ক্ষেত্ৰত বিচাৰিছে ন্যয় ৷