এটা ট্ৰান্সফৰ্মাৰ, কেইবাখনো গাঁও : দক্ষিণ-পশ্চিম নগাঁৱত বিদ্যুতৰ লুকা-ভাকু…

এটা ট্ৰান্সফৰ্মাৰ, কেইবাখনো গাঁও : দক্ষিণ-পশ্চিম নগাঁৱত বিদ্যুতৰ লুকা-ভাকু…

author-image
asomiyapratidin
New Update
এটা ট্ৰান্সফৰ্মাৰ, কেইবাখনো গাঁও : দক্ষিণ-পশ্চিম নগাঁৱত বিদ্যুতৰ লুকা-ভাকু…

ডিজিটেল সংবাদ, বেবেজীয়া : সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাতো উৎকট গৰমে দহিছে ৰাইজক ৷ ভাদ মহীয়াৰ ভৰপক সময়তো জিলাখনত বৰষুণ নোহোৱাত ৰাইজ প্ৰচণ্ড গৰমৰ মুখামুখি হ'ব লগা হৈছে ৷ প্ৰচণ্ড গৰমে ৰাইজক জ্বলা-কলা খুৱাই থকাৰ সময়তে জিলাখনত তাপমাত্ৰা পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাব ধৰিছে ৷

Advertisment

কেইবাদিনো ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ-পশ্চিম নগাঁৱৰ বিশেষকৈ বেবেজীয়া, জামুগুৰি, হাতীচোং, চকলাঘাট, ক'ৰচোং, ৰাইদঙ্গীয়া, কপাহেৰা, ভালুকমাৰী, গান্ধীবড়ি, দক্ষিণপাট, বৰক'লা, জাগীয়াল, পেটবড়া, কাছমাৰী, বৰভেটি, মাজগাঁও, জাজৰি আদি গ্ৰামাঞ্চলত বিদ্যুৎৰ যোগান প্ৰায় ব্যাহত হৈ আহিছে ৷ দিনটোৰ ২৪ঘন্টাত ১৫ পৰা ১৬ বাৰ লোডশ্বেডিং হয় এই গ্ৰামাঞ্চলত ৷

এনেদৰে সঘনাই বিদ্যুৎৰ যোগান ব্যাহত হোৱাৰ ফলত গ্ৰামাঞ্চল সমূহৰ গৃহস্থিৰ ফেন, টিভি, ফ্ৰীজ, উৱাচিংমেচিন, পানী মটৰ আদি বেয়া হোৱাৰ উপক্ৰম হৈছে ৷ গ্ৰামাঞ্চলৰ ৰাইজে এই সন্দৰ্ভত বিদ্যুৎ বিভাগক অভিযোগ দিলেও কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে একাংশ গ্ৰাহক ৰাইজে ৷ নিৰ্বাচনৰ সময়ত ২৪ ঘন্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে চৰকাৰ গঠন কৰিছিল যদিও চৰকাৰে এই প্ৰতিশ্ৰুতি পূৰণত বৰ্তমান সম্পূৰ্ণ ব্যৰ্থ হৈছে ৷

ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ লগতে নগাঁও জিলাৰ দক্ষিণ-পশ্চিম অঞ্চলৰ গ্ৰামাঞ্চল সমূহত সঘনাই বিদ্যুৎ যোগান ব্যাহত হোৱাত ৰাইজৰ মাজত সম্প্ৰতি ক্ষোভৰ সৃষ্টি হৈছে ৷ জিলাখনৰ দক্ষিণ-পশ্চিম গ্ৰামাঞ্চলৰ ৰাইজৰ গৃহত নিয়মীয়াকৈ বিদ্যুত যোগানৰ বাবে বিভিন্ন দল সংগঠনে চৰকাৰক দাবী জনাইছে ৷

ইফালে জিলাখনৰ হাতীচোং মৌজাৰ পূৱ হাতীচোংৰ বৃহত্তৰ চকলাঘাট অঞ্চলত দীৰ্ঘদিনৰ পৰা এটা ট্ৰান্সফৰ্মাৰৰ দ্বাৰাই কেইবাখনো গাঁৱৰ ৰাইজক দীৰ্ঘদিন ধৰি বিদ্যুত যোগান ধৰি থকাৰ ফলত বৃহত্তৰ চকলাঘাট অঞ্চলত ৰাইজে যমৰ-যাতনা ভুগিব লগা হৈছে ৷

দিনৰ দিনটো বিদ্যুৎ থকা দূৰৰ কথা, নিশাও বিদ্যুতৰ ভল্টেজ নিম্নতম হোৱাত ফেনৰ পাংখাও নুঘূৰে, পানী উঠাবলৈ পানী মটৰো নচলে ৷ যাৰ ফলত নিশা উজাগৰে কটাব লগা হৈছে গ্ৰামাঞ্চলৰ এইসকল ৰাইজে ৷ সেয়ে উক্ত অঞ্চলত শীঘ্ৰে উচ্চ ক্ষমতাসম্পন্ন এটা বিদ্যুতৰ ট্ৰান্সফৰ্মাৰৰ ব্যৱস্থা কৰি গ্ৰামাঞ্চলৰ ৰাইজক সকাহ দিয়াবলৈ বিদ্যুত বিভাগৰ ওচৰত চকলাঘাট বাসী ৰাইজে দাবী জনাইছে ৷

assam himanta biswa sarma nagaon