/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/Capture-12.png)
ডিজিটেল সংবাদ , নগাঁও : জিলা প্ৰশাসনৰ সমানে পৌৰসভা আৰু নগৰ সমিতি নিৰ্বাচনৰ বাবে কুচ কাৱাজ আৰম্ভ কৰিছে ৰাজনৈতিক দল সমূহে ৷ বিজেপি দল নিৰ্বাচনৰ কুচকাৱাজৰ ক্ষেত্ৰত আগবাঢ়ি আছে ৷ মিত্ৰ দল বিজেপি আৰু অগপই নগাঁও , ধিং , কামপুৰ , ৰহাত কি কৰিব সেই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত বৰ্তমানলৈকে হোৱা নাই যদিও দুয়োটা দলৰ নেতৃত্বৰ মাজত আলোচনা অব্যাহত আছে ৷
জানিব পৰা মতে নগাঁও জিলাৰ ৰহা আৰু কামপুৰত এইবাৰৰ নিৰ্বাচনৰ বাবে ৱাৰ্ডৰ সংখ্যা বৃদ্ধি কৰা হৈছে ৷ ৰহাত পূৰ্বে সাতটা ৱাৰ্ডতে সীমাবদ্ধ আছিল ৷ এই বাৰ তিনিটা ৱাৰ্ড বৃদ্ধি কৰা হৈছে ৷ অৱশ্যে পৰিসৰ বৃদ্ধি কৰা হোৱা নাই ৷ সাতটা ৱাৰ্ডৰ পৰা দহটালৈ ৱাৰ্ড বৃদ্ধি কৰা হৈছে ৷ ইফালে কামপুৰটো ৱাৰ্ডৰ সংখ্যা বৃদ্ধি কৰা হৈছে ৷ কামপুৰৰো পৰিসৰ একে ৰাখি পূৰ্বৰ পাঁচটা ৱাৰ্ডৰ সংখ্যা বৃদ্ধি কৰা দহটা ৱাৰ্ড কৰা হৈছে ৷ ৰহাত দহটা ৱাৰ্ডৰ বিপৰিতে মুঠ ভোটাৰ হৈছে ৯৬৬৯ জন ৷ কামপুৰৰ দহটা ৱাৰ্ডৰ বিপৰিতে মুঠ ভোটাৰ হৈছে ৮৬৩৬ জন ৷
কামপুৰৰ দহটা ৱাৰ্ডৰ ভিতৰত ৪ টা মুকলি থাকিব ৷ মহিলাৰ বাবে ৫ খন আসন সংৰক্ষিত ৷ এছ চিৰ বাবে ১ খন আসন সংৰক্ষন কৰা হৈছে ৷ ৰহাত ১ খন আসন মুকলি ৰখাৰ বিপৰিতে ৩ খন আসন মহিলাৰ বাবে সংৰক্ষিত ৷ ইয়াৰ বাহিৰে ১খন এছ চি , ১ খন এছ টি , ১ খন মহিলা এছ চি আৰু ১ খন মহিলা এছ টিৰ বাবে সংৰক্ষন কৰা হৈছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us