/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/kjkjk.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া :নগাঁও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে জিলাখনৰ বানাক্ৰান্ত অঞ্চল সমূহত ৰাইজৰ মাজত বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা হাতত হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডল এটি দলে মঙলবাৰে নগাৱঁৰ বানপানী হৈ যোৱা ডাকৰঘাট পঞ্চায়তৰ অন্তৰ্গত বান শিবিৰ সমূহত খোৱাপানী বিশুদ্ধ কৰাৰ এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰে।
তেওঁলোকে বান শিবিৰ আৰু পথৰ দাঁতিত আশ্ৰয় লৈ থকা অস্থায়ী বান শিবিৰত সমূহত উপস্থিত হৈ দমকল, পানী টেংক আদিত ব্লিচিং পাউদাৰ ছটিওৱাৰ লগতে, হেলজেন টেবলেট সহায়ত কেনেকৈ পানী পৰিস্কাৰ কৰিব পাৰি সেই পদ্ধতি ৰাইজক অবগত কৰে । তেওঁলোকে ৰাস্তাৰ কাষত আশ্ৰয় লৈ থকা লোক সকলক মবাইল ভেনৰ সহায়ত পৰ্যাপ্ত পৰিমানে বিশুদ্ধ খোৱা পানীৰ পেকেট বিতৰণ কৰে।
ইয়াৰ ওপৰিও দলটোৱে মধ্য শিয়ালমাৰী বিদ্যালয়ত এক জলাগতামূলক শিবিৰত অনুষ্ঠিত কৰি তিনি শতাধিক লোকক ব্লিচিং পাউদাৰ, হলুজেন টেবলেট বিতৰণ কৰাৰ লগতে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্য হাতে হাতে সতৰ্কতামূলক লিফলেট বিতৰণ কৰে। উক্ত কাৰ্যসূচীত জনস্বাস্থ্য কাৰিকৰী বিভাগ নগাঁৱৰ কাৰ্যবাহী অভিযন্তা পংকজ বৰদলৈয়, সহকাৰী কাৰ্যবাহী অভিযন্তা ৰূপজ্যোতি বৰদলৈ, বিষয়া পলি গোস্বামী আদি উপস্থিত থাকে।