/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/WhatsApp-Image-2022-02-19-at-7.28.30-PM.jpeg)
ডিজিটেল সংবাদ,নগাঁও : "ছাত্ৰ-ছাত্ৰী সকল দেশৰ সম্পদ। তেওঁলোকৰ শিক্ষা আৰু কৰ্মই দেশৰ ভৱিষ্যত নিৰূপণ কৰে৷ বিশ্বায়ণ আৰু দ্ৰুত প্ৰযুক্তিগত উন্নয়ণে শিক্ষাৰ্থীৰ মন আৰু আচৰণত প্ৰভাৱ পেলাইছে "- এই মন্তব্য গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট নিৱন্ধকাৰ ড: সব্যসাচী মহন্তৰ ৷
শনিবাৰে নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ড: মহন্তই বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীৰ মাজত দেখা দিয়া পৰিৱৰ্তন আৰু পৰিৱৰ্তিত আচৰণক লৈ অভিভাৱক সকল গভীৰ ভাৱে চিন্তিত বুলি উল্লেখ কৰি লগতে কয় যে আজিৰ ছাত্ৰ-ছাত্ৰী সকলে নম্বৰ সৰ্বস্ব শিক্ষা গ্ৰহণ কৰাত গুৰুত্ব প্ৰদান কৰা দেখা গৈছে।
কিন্তু নম্বৰ সৰ্বস্ব শিক্ষাৰ লগতে যে নৈতিকতা আৰু মানৱীয় প্ৰমুল্যবোধৰ শিক্ষা ল'ব লাগে, সেই কথা আজিৰ নৱ প্ৰজন্মই বহু সময়ত পাহৰি গৈছে। সকলোৱে কেবল নম্বৰৰ প্ৰতিযোগিতাৰ পিছত দৌৰিছে। আচলতে শিক্ষাক প্ৰজ্ঞাৰ সাধনা হিচাপে লৈ আমি আগবাঢ়িব লাগিব ৷ যাৰ বাবে নৈতিকতা আৰু মানৱীয় প্ৰমুল্যবোধৰ অভাৱত দেশত বৃদ্ধাশ্ৰম আৰু শিশু গৃহৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।সেয়ে এই সন্দৰ্ভত আত্ম বিশ্লেষণৰ সময় আহি পৰিছে ৷
মহাবিদ্যালয়খনৰ অধ্যক্ষ ড: মৃগাংক শইকীয়াই সভাপতিত্ব কৰা সভাখনত অষ্টম অসম ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কামাণ্ডিং বিষয়া কৰ্ণেল অমৰ সিঙে কয় যে আমি প্ৰত্যেকেই প্ৰতিদিনে দেশৰ ভালৰ হকে চিন্তা কৰিব লাগে। তেওঁ ছাত্ৰ-ছাত্ৰী সকলক দেশৰ হকে কাম কৰাৰ লগতে এগৰাকী সু-নাগৰিক হিচাপে নিজকে গঢ়ি তুলিবলৈ আহ্বান জনায়। অনুষ্ঠানত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ প্ৰশান্ত হাজৰিকাকে প্ৰমুখ্যে কৰি ভালে কেইগৰাকী শিক্ষক, শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। ইয়াৰ পূৰ্বে পুৱা পতাকা উত্তোলনৰে দিনযোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা নৱাগত আদৰণি উপলক্ষে বিয়লি এখন বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us