/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/hghg.png)
ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী বাটমাৰী জ্ঞানদীপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ নৱাগত আদৰণি আৰু দশম, দ্বাদশ শ্ৰেণীৰ বিদায় সভা বুধবাৰে সম্পন্ন হয়।
বাটমাৰী জ্ঞানদীপ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মোদ্দাবিৰ হুছেইন লস্কৰৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত উদেশ্যে ব্যখ্যা কৰে বিদ্যালয় খনৰ অধ্যক্ষ আক্ৰাম হুছেইনে।
সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি সাংবাদিক দিব্যজ্যোতি বৰুৱাই "ছাত্ৰ-ছাত্ৰীসকল উপযুক্ত শিক্ষাৰে শিক্ষিত হ'বলৈ আহ্বান জনোৱাৰ লগতে বৰ্তমান অসমৰ জাতীয় জীৱনলৈ বহু সমস্যাই জাতিটোৰলৈ সংকট নামি আহিছে ৷
শিক্ষাৰ সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীসকলে জাতীয় সমস্যা সমাধানৰ বাবেও গুৰুত্ব দিব লাগিব" বুলি মন্তব্য প্ৰদান কৰে। ছাত্রী আবিদা খাতুনে আঁত ধৰা অনুষ্ঠানটিত বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক আব্দুল আজিজ, ধূপগুৰি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ লক্ষ্যধৰ তালুুকদাৰ, ৰাব্বুল আলম, ৰেজাউল আহমেদ, আনোৱাৰ হুচেইন, শ্বৰিফুল ইছলাম, চাদিকুল ইছলাম, মঞ্জুৱাৰা জামান, সাহাৱ উদ্দিনকে আদি কৰি ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাবিকা সহ পাঁচ শতাধিক লোক উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us