/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/WhatsApp-Image-2022-02-13-at-10.26.19-AM.jpeg)
ডিজিটেল ডেস্ক,কঠিয়াতলী: নগাওঁ জিলাৰ কন্দলীৰ অনন্ত কন্দলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰবিবাৰে ৪৪ তম প্ৰতিষ্ঠা দিৱস ক'ভিড প্ৰ'টকল মানিই উদযাপন কৰা হয়।
প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা পতাকা উত্তোলন, চহিদ বেদীত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলনৰে কাৰ্যসূচী আৰম্ভ হয়। 'কু- সস্কাৰ আৰু অন্ধ বিশ্বাস' সম্পৰ্কে অনুষ্ঠিত কাৰ্যসূচীত বহু কেইজন বক্তাই অংশ গ্ৰহন কৰি সাৰুৱা বক্তব্য প্ৰদান কৰাৰ লগতে আবেলি অনুষ্ঠিত মুকলি সভাত ভাষন প্ৰদান কৰে ৮৭ নং বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে।
ভাষন প্ৰসংগত বিধায়কে আগুন্তক দিনত বিদ্যালয় খনৰ আৰ্ন্তগাঠনি উন্নয়নকে ধৰি বিদ্যালয়ৰ বিভিন্ন উন্নয়ন মুলক কাৰ্য হাতত লোৱাৰ আশ্বাস প্ৰদান কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us