গাই গৰুক লৈ আতংকিত গঞাই ঢাপলি মেলিছে চিকিৎসালয়লৈ

গাই গৰুক লৈ আতংকিত গঞাই ঢাপলি মেলিছে চিকিৎসালয়লৈ

author-image
asomiyapratidin
New Update
গাই গৰুক লৈ আতংকিত গঞাই ঢাপলি মেলিছে চিকিৎসালয়লৈ

ডিজিটেল সংবাদ , নগাঁও : এজনী গাই গৰুক লৈ আতংক এখন গাঁৱত ৷ গাই জনীৰ গাখীৰ সেৱন কৰি এতিয়া আতংকিত গঞাঁ ৷ আতংকিত গঞাই বৃহস্পতিবাৰে ভিৰ কৰিছে নগাঁও অসামৰিক চিকিৎসালয়ত ৷

ঘটনাটো সংঘটিত হৈছে নগাঁও জিলাৰ সোনাৰিবালি মধ্যপাৰাত ৷ জানিব পৰা আতংকৰ কাৰন হৈ পৰা গাই জনীৰ গৃহস্থ হৈছে মলয় ভূষণ গোস্বামী ৷ গাইজনীয়ে যোৱা ৬ ফ্ৰেব্ৰুবাৰীত হঠাত অস্বাভাবিক আচৰন কৰিবলৈ ধৰে ৷ অস্বাভাবিক আচৰন কৰাৰ পিছত গৃহস্থই কাষ চাপে পশু চিকিৎসকৰ ৷ পশু চিকিৎসকে পৰীক্ষা কৰি গ'ম পায় গাই গৰু জনীক কুকুৰে কামুৰিছিল ৷ কুকুৰে কামুৰাৰ বাবে গাই গৰুজনী অসুস্থ হৈ পৰে ৷

কুকুৰে কামোৰা এই গাই জনীৰ কেঁচা গাখীৰ হৈ যোৱা সৰস্বতী পুজাত ব্যৱহাৰ কৰা হৈছিল ৷ কেচা গাখীৰৰ প্ৰসাদ সেৱন কৰিছিল মধ্যপাৰাৰ শিশুৰ পৰা বৃদ্ধ লোকলৈকে ৷ সৰস্বতী পুজা মধ্যপাৰা দুৰ্গা মন্দিৰত অনুষ্ঠিত হৈছিল ৷ মধ্যপাৰাৰ লোকেই যে পুজাৰ প্ৰসাদ লৈছিল তেনে নহয় কাষৰ গাঁৱৰ লোকেও অংশ লৈছিল ৷

কুকুৰে কামোৰাৰ পিছত অস্বাভাবিক আচৰন কৰা গাই গৰু জনীৰ কেঁচা গাখীৰ সেৱন কৰা লোক সকলক পশু চিকিৎসকে প্ৰতিষেধক বেজি ল'বলৈ পৰামৰ্শ প্ৰদান কৰে ৷ চিকিৎসকৰ পৰামৰ্শৰ পিছতে মধ্যপাৰাত হাহাকাৰ লাগে ৷ যাৰ বাবে চামগুৰি সোনাৰিবালি মধ্যপাৰাৰ গাঁৱৰ লোক প্ৰতিষেধক বেজি ল'বলৈ ভীৰ কৰে নগাঁৱৰ অসামৰিক চিকিৎসালয়ত ৷

nagaon assam